Advertisment

চাৰি নতুন মন্ত্ৰীক গধুৰ দায়িত্ব! বিভাগ কৰ্তন বহু জ্যেষ্ঠ মন্ত্ৰীৰ....

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাত দায়িত্বৰ ব্যাপক সালসলনি কৰা হৈছে।  কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ পৰা বিভাগ কৰ্তন কৰাৰ লগতে নতুনকৈ মন্ত্ৰীসভাত অন্তভূৰ্ক্ত হোৱা ৪গৰাকী নতুন মন্ত্ৰীকো দপ্তৰ বিতৰণ কৰা হৈছে। 

New Update
প্ৰশান্ত

ডিজিটেল ডেস্কঃ  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাত দায়িত্বৰ ব্যাপক সালসলনি কৰা হৈছে।  কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰীৰ পৰা বিভাগ কৰ্তন কৰাৰ লগতে নতুনকৈ মন্ত্ৰীসভাত অন্তভূৰ্ক্ত হোৱা ৪গৰাকী নতুন মন্ত্ৰীকো দপ্তৰ বিতৰণ কৰা হৈছে। 

Advertisment

নতুনকৈ মন্ত্ৰীত্ব পোৱা ৪গৰাকীক কি কি দপ্তৰ দিয়া হৈছেঃ 

  • নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক  অৰ্পন কৰা হৈছে মূলত শক্তি বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব। ইয়াৰোপৰি দক্ষতা বিকাষ আৰু মেডিকেল শিক্ষাৰ দায়িত্বও অৰ্পন কৰা হৈছে ফুকনৰ কান্ধত।
  • ইফালে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে কৌশিক ৰায়ক। পূৰ্বে এই দপ্তৰৰ মন্ত্ৰী আছিল ৰণজিত কুমাৰ দাস। নতুনকৈ মন্ত্ৰী হোৱা ৰায়ক লগতে গ্ৰাহক সুৰক্ষা দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বও দিয়া হৈছে। খনি আৰু খনিজ বিভাগ, বৰাক উপত্যাকা উন্নয়ন দপ্তৰো চম্ভালিব ৰায়ে।
  • চাহ জনজাতিৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়ক ৰূপেশ গোৱালাক সকলোৱে ভাৱি থকাৰ দৰেই সঞ্জয় কিষাণৰ দপ্তৰটোৱেই অৰ্পন কৰা হৈছে। গোৱালাক  গোৱালাক শ্রমিক কল্যাণ, চাহ জনজাতিৰ লগতে গৃহ বিভাগৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষা বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে।
  • নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা আন এগৰাকী মন্ত্ৰী কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিতসা বিভাগৰ দায়িত্বৰ লগতে মীন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰি বিভাগৰ PMGSYৰ দপ্তৰ অৰ্পন কৰা হৈছে।

পুৰণি কোন মন্ত্ৰীক কি নতুন দায়িত্ব দিয়া হৈছে-

  • পূৰ্বৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসক নতুনকৈ অৰ্পন কৰা হৈছে পৰ্যটন বিভাগৰ দায়িত্ব। এই দায়িত্বত আছিল জয়ন্ত মল্ল বৰুৱা।
  • আনহাতে কৃষি মন্ত্ৰী অতুল বৰাক নতুনকৈ আবকাৰী বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। 
  • কেশৱ মহন্তক নতুনকৈ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। এই দায়িত্বত পূৰ্বতে আছিল যোগেন মহন।
  • অশোক সিংহলক নতুনকৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দায়িত্ব অৰ্পন কৰা হৈছে। মন্ত্ৰী কেশৱ মহন্তৰ পৰা এই দায়িত্ব অৰ্পন কৰা হৈছে সিংহলৰ কান্ধত। 
হিমন্ত বিশ্ব শৰ্মা