/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/c0f4fea2-c600-4b5e-9ce1-6cadeaba01ea/01008396_59d7_4de6_b8f8_0805f32f752f.jpg)
ডিজিটেল ডেস্কঃ জনতাক কিছু সকাহ প্ৰদান কৰি হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য। ১৯কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩০টকাকৈ হ্ৰাস কৰা হৈছে। ২০২৪ৰ ১জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিৰিখ।
এই ৩০টকাকৈ হ্ৰাস পোৱাৰ পাছত বৰ্তমান দিল্লীত এটা চিলিণ্ডাৰৰ দাম হলগৈ ১৬৪৬ টকা, কলকাতাত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৭৫৬টকা, মুম্বাইত এটা চিলিণ্ডাৰৰ মূল্য হলগৈ ১৫৯৮টকা।
উল্লেখ কৰা প্ৰয়োজন যে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস হৈছে যদিও ঘৰুৱা চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা নাই।