চহৰাঞ্চলৰ জল সংকটৰ সৈতে যুঁজ দিবলৈ কেন্দ্ৰৰ ৬৬.৭৫ হাজাৰ কোটি মুকলি...

চহৰসমূহত দেখা দিয়া জল সংকটৰ সৈতে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বহুকেইটা প্ৰদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই এক অংশ হিচাপে  চহৰসমূহক 'আত্মনিৰ্ভৰশীল' আৰু 'পানী সুৰক্ষিত'

author-image
Asomiya Pratidin
New Update
পানী্্

ডিজিটেল ডেস্কঃ চহৰসমূহত দেখা দিয়া জল সংকটৰ সৈতে যুঁজ দিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বহুকেইটা প্ৰদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই এক অংশ হিচাপে  চহৰসমূহক 'আত্মনিৰ্ভৰশীল' আৰু 'পানী সুৰক্ষিত' কৰিবলৈ অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (এএমআৰউটি) ২.০ আঁচনিৰ অধীনত প্ৰকল্পসমূহৰ বাবে ৬৬,৭৫০ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য আবণ্টন দিয়া হৈছে বুলি সংসদক জনোৱা হয় সোমবাৰে।

ইয়াৰে ৬৩,৯৭৬.৭৭ কোটি টকা ইতিমধ্যে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুমোদন জনোৱা হৈছে আৰু এতিয়ালৈকে ১১,৭৫৬.১৩ কোটি টকাৰ ধন মুকলি কৰা হৈছে বুলি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী টোখান সাহুৱে ৰাজ্যসভাত লিখিত এক প্ৰশ্নৰ উত্তৰত কয়। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কেন্দ্ৰীয় অংশীদাৰিত্বৰ ৬,৫৩৯.৪৫ কোটি টকা ব্যৱহাৰ হোৱা বুলি প্ৰতিবেদন দিয়াৰ কথাও সদৰি কৰে তেওঁ।

৫০০ খন  চহৰত নলা আৰু ছেপ্টেজ ব্যৱস্থাপনাৰ  লক্ষ্যৰে ২০২১ চনৰ ১ অক্টোবৰত আমৰাট ২.০ আঁচনি আৰম্ভ কৰা হৈছিল।  AMRUT 2.0 পৰ্টেলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰকাশ কৰা অনুসৰি (২০২৪ চনৰ ১৫ নৱেম্বৰলৈকে) ১,১৫,৮৭২.৯১ কোটি টকাৰ ৫,৮৮৬ টা প্ৰকল্পৰ বাবে নিবিদা জাৰি কৰা হৈছে ইয়াৰে, ৮৫,১১৪.০১ কোটি টকাৰ ৪,৯১৬ টা প্ৰকল্পৰ বাবে ঠিকা প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰ