২৬ এপ্ৰিলত শুভ উদ্বোধন হ’ব ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালতৰ ভৱন

ধুবুৰীবাসীৰ বাবে এক সুখবৰ। অহা ২৬ এপ্ৰিলত ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱনটো শুভ উদ্বোধন কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈই।

author-image
Tushar Pratim
New Update
২৬ এপ্ৰিলত শুভ উদ্বোধন হ’ব ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালতৰ ভৱন

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীবাসীৰ বাবে এক সুখবৰ। অহা ২৬ এপ্ৰিলত ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱনটো শুভ উদ্বোধন কৰা হ'ব বুলি জানিব পৰা গৈছে। 

Advertisment

এই উপলক্ষে উক্ত দিনা নৱনিৰ্মিত জিলা ন্যায়িক আদালতৰ ভৱন চৌহদত এক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৈৰ লগতে ৩ গৰাকী কৈ ন্যায়াধীশো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। 

আনহাতে উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব বুলি জনা গৈছে। উল্লেখযোগ্য যে ইতিহাস সম্বলিত ধুবুৰী ন্যায়িক আদালত আৰু ধুবুৰী অধিবক্তা সন্থাই ব্ৰিটিছৰ দিনৰ বহু সাক্ষী বহন কৰি আহিছে।

ইয়াৰ বিপৰীতে ৰাজ্য কঁপাই যোৱা ৰাজখোৱা হত্যাকাণ্ডৰ বহু সাক্ষী এই নৱ নিৰ্মিত জিলা ন্যায়িক আদালতৰ ভৱনটোৱে বহু স্মৃতিকে ধৰি ৰাখিছে। তাহানিৰ গোৱালপাৰা জিলাৰ অৱসৰ প্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰ নাথ ৰাজখোৱাই ধুবুৰীস্থ তেওঁৰ চৰকাৰী বাস ভৱনত ১৯৭০ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁৰ পত্নী আৰু বৰ জীয়ৰীক হত্যা কৰি গাঁতত পুতি থৈছিল।

আকৌ গুৱাহাটীত পঢ়ি থকা মাজু আৰু সৰু জীয়ৰীকো মাতি আনি সেই মাহৰে ২৫ তাৰিখে তেওঁলোককো হত্যা কৰিছিল আৰু পূৰ্বৰ দৰেই গাঁ‌তত পুতি থৈছিল। ৰাজখোৱাই সংঘটিত কৰা এই হত্যাকাণ্ডত সহযোগিতা কৰিছিল তেওঁৰ অৰ্ডালী উমেশ বৈশ্যই। 

এই জঘণ্য অপৰাধৰ শাস্তি স্বৰূপে ১৯৭৬ চনত ৰাজখোৱাক যোৰহাট কাৰাগাৰত ফাঁচী দিয়া হৈছিল। উল্লেখযোগ্য যে উক্ত হত্যাকাণ্ড সংঘটিত হোৱা চৰকাৰী বাসভনটো ভাঙি ২০১৭ চনৰ ২ ডিচেম্বৰত নতুন জিলা ন্যায়িক আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। 

সুদীৰ্ঘ প্ৰায় ৮ বছৰৰ অন্তত অহা ২৬ এপ্ৰিলত ধুবুৰীৰ নৱনিৰ্মিত পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱনটোৰ শুভ উদ্বোধন হোৱাৰ খবৰে ধুবুৰী আদালতৰ অধিবক্তাসকলৰ লগতে স্থানীয় ৰাইজকো আনন্দিত কৰি তোলা দেখা গৈছে।

গুৱাহাটী উচ্চ ন্যায়ালয় ন্যায়ালয়