জামুগুৰিহাটৰ হাটিঙাৰ গান্ধী আৰ্দশ প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠাৰ দ্বাৰ উন্মোচন

বৃহস্পতিবাৰে জামুগুৰিহাটৰ হাটিঙা গাঁৱৰ গান্ধী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় গৃহৰ দ্বাৰ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

author-image
Asomiya Pratidin
New Update
ZAfv

ডিজিটেল সংবাদ, জামুগুৰিহাট : বৃহস্পতিবাৰে জামুগুৰিহাটৰ হাটিঙা গাঁৱৰ গান্ধী আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নৱ নিৰ্মিত বিদ্যালয় গৃহৰ দ্বাৰ উন্মোচন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক- কৰ্ম্মচাৰী আৰু ৰাইজৰ উপস্থিতিত আয়োজন কৰা হয় এই অনুষ্ঠানৰ। 

Advertisment

অনুষ্ঠানত বিধায়কগৰাকীয়ে কয় যে অতি পিছপৰা অঞ্চলটিৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা এই নতুন বিদ্যালয় গৃহত এক সুন্দৰ পৰিবেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব পাৰিব৷ দেশৰ ভবিষ্যত সু নাগৰিক গঢ়াৰ কমাৰশালস্বৰূপ এই বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজকে একো একো গৰাকী সু নাগৰিক হিচাপে  প্ৰতিষ্ঠা কৰিব পাৰিব৷

jamugurihat padma hazarika