ভেটিয়নী নৰোৱা নাতি আতা সত্ৰৰ নৱনিৰ্মিত বাটচ'ৰা মুকলি...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পূৱ দিশৰ ভেটিয়নী গাঁৱত হৰেন্দ্ৰ দেৱগোস্বামীয়ে ১৮১৬ চনত প্ৰতিষ্ঠা কৰা এখন ঐতিহ্যমণ্ডিত সত্ৰ হৈছে নৰোৱা নাতি আতা সত্ৰ ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ পূৱ দিশৰ ভেটিয়নী গাঁৱত হৰেন্দ্ৰ দেৱগোস্বামীয়ে ১৮১৬ চনত প্ৰতিষ্ঠা কৰা এখন ঐতিহ্যমণ্ডিত সত্ৰ হৈছে নৰোৱা নাতি আতা সত্ৰ। উক্ত ভেটিয়নী নৰোৱা নাতি আতা সত্ৰৰ নৱনিৰ্মিত বাটচ'ৰা দেওবাৰে মুকলি কৰা হয়। গায়নৰ গীত, বায়নৰ খোলৰ চাপৰ, আইমাতৄৰ মংগল উৰুলি, ভকতৰ হৰিধ্বনিৰ মাজেৰে সত্ৰাধিকাৰ প্ৰনৱ দেৱ গোস্বামীয়ে বাটচ'ৰাটি মুকলি কৰে। 

Advertisment

ডেকা সত্ৰাধিকাৰ অৰূপ গোস্বামী, আইমাতৄ কিৰণ বালা গোস্বামী, মুকুতা গোস্বামী,  পৰিচালনা সমিতিৰ সম্পাদক বীৰেণ শইকীয়া, উপেন শইকীয়া গায়ন, ললিত শইকীয়া, জোনাৰাম শইকীয়া, বাপন হাজৰিকাকে আদি কৰি পাঁচ শতাধিক ভকত বৈষ্ণৱ, আইমাতৄ উপস্থিত থকা অনুষ্ঠানটিৰ পাছত নামকীৰ্তন, ভাগৱত পাঠ আদি অনুষ্ঠান অনুষ্ঠিত হয়। ইফালে বাটচ'ৰা মুকলি উপলক্ষে পুৱা আইসকলৰ নাম, খোল প্ৰসঙ্গ আৰু ভাগৱত ভ্ৰমণ অনুষ্ঠিত কৰা হয় ।

সত্ৰ