গুৱাহাটী কমাৰ্চ কলেজৰ নৱাগত আদৰণি সভাত ড০ ননী গোপাল মহন্ত...

সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে প্ৰখ্যাত শিল্পী ৰসানন্দ গগৈয়ে

author-image
Asomiya Pratidin
New Update
গুৱাহাটী কমাৰ্চ কলেজৰ নৱাগত আদৰণি সভাত ড০ ননী গোপাল মহন্ত...

GCC

ডিজিটেল ডেস্কঃ ২৯ ছেপ্টেম্বৰত ঐতিহ্যমণ্ডিত গুৱাহাটী কমাৰ্চ কলেজৰ নৱাগত আদৰণি সভা ২০২২ অনুষ্ঠিত হৈ যায়। সভাৰ প্ৰাক মুহুৰ্তত ছহীদ বেদীত তৰ্পন আৰু প্ৰতিস্থাপক অধ্যক্ষ ড০ ভগৱান চন্দ্ৰ লহকৰৰ আৱক্ষ মুৰ্ত্তিত শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে। ৬১ গৰাকী ছাত্ৰ-ছাত্ৰীৰে প্ৰণামো কমাৰ্চ কলেজ শীৰ্ষক সমবেত সংগীতেৰে সভাৰ আৰম্ভণি কৰে।

উল্লেখ্য যে সমবেত সংগীতৰ ৰচনা ড০ হোমেশ্বৰ কলিতা আৰু অবিনাশ শৰ্মাৰ।

সভাত মুখ্য অতিথিৰ আসন শুৱনি কৰে বিশিষ্ট লেখক, শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তই। ড০ মহন্তই ভাষণত কয় যে ছাত্ৰ-ছাত্ৰী সকল ভৱিষ্যতে সু নাগৰিক হ'বলৈ হ'লে কাউৰীৰ চেষ্টা,বগলীৰ দৰে ধৈৰ্য আদি গুণ সমূহ আয়ত্ব কৰিব লাগিব। বিশিষ্ট লেখক গৰাকীৰ সাৰুৱা ভাষণে শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

ড০ অদিতি দাস আৰু চুমি দস্তিদাৰে আঁতধৰা সভাত অধ্যক্ষ ড০ হোমেশ্বৰ কলিতা, উপাধ্যক্ষ ড০ অমৰেন্দ্ৰ তালুৰদাৰ আৰু ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হীৰকজ্যোতি তালুকদাৰে আদৰণি ভাষণ আগবঢ়ায়। মুকলি সভাৰ সমান্তৰালভাৱে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে প্ৰখ্যাত শিল্পী ৰসানন্দ গগৈয়ে।

guwahati GCC