ভাৰত-নিউজিলেণ্ডৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত আলোচনা ক্রিষ্টোফাৰ লাক্সনৰ

৭ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন। ভাৰত ভ্ৰমণৰ সময়ছোৱাত দেশৰ প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিছিল লাক্সনে। সোমবাৰে নতুন দিল্লীৰত মোদীৰ সৈতে হোৱা সাক্ষাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
ভাৰতক প্ৰশংসা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতক প্ৰশংসা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্ক: ৭ দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছিল নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্রিষ্টোফাৰ লাক্সন। ভাৰত ভ্ৰমণৰ সময়ছোৱাত দেশৰ প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিছিল লাক্সনে। সোমবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত মোদীৰ সৈতে হোৱা সাক্ষাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 

Advertisment

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লাক্সনে লিখিছে, “এই সপ্তাহত ভাৰত ভ্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সময় কটাবলৈ পাই দুই দেশৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ উপায়ৰ সন্দৰ্ভত আলোচনা কৰাটো এক আনন্দৰ কথা আছিল। মই সুখী, কাৰণ দুয়োদেশৰ মাজত এখন মুক্ত বাণিজ্য চুক্তিৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে।” লগতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে লিখে, "ভাৰত হৈছে অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি আৰু অহা দহ বছৰৰ ভিতৰত বিশ্বৰ ভিতৰতে তৃতীয় বৃহত্তম দেশ হোৱাৰ পথত ভাৰত।"  ভাৰতৰ সৈতে নিউজিলেণ্ডৰ ব্যৱসায়িক প্ৰতিনিধি দলে শিক্ষা, প্ৰযুক্তি, পৰ্যটন, বিনিয়োগ, উৎপাদন, খাদ্য আৰু প্ৰাথমিক উদ্যোগকে ধৰি মূল খণ্ডসমূহত দেশখনৰ উপস্থিতি বৃদ্ধি কৰা সন্দৰ্ভত আলোচনা কৰা হয়।

ভাৰত ভ্ৰমণৰ সময়ছোৱাত দশম সংস্কৰণৰ ৰাইচিনা সংলাপত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী লাক্সনে।

ভাৰত নিউজিলেণ্ড