PAK vs NZ: কিৱি বাহিনীৰ পৰাক্ৰম, প্ৰথমখন খেলত নিজৰ ঘৰৰ মাটিতে পৰাজয় পাকিস্তানৰ!

নিজৰ ঘৰৰ মাটিতে কিৱি বাহিনীৰ হাতত লজ্জাজনক পৰাজয় টীম পাকিস্তানৰ। চেম্পিনছ ট্ৰফীৰ আয়োজক দেশ হোৱাৰ সুবাদতে উদ্বোধনী মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিছিল পাকিস্তান।

author-image
Asomiya Pratidin
New Update
PAK vs NZ:

PAK vs NZ: Photograph: (PAK vs NZ:)

ডিজিটেল ডেস্কঃ নিজৰ ঘৰৰ মাটিতে কিৱি বাহিনীৰ হাতত লজ্জাজনক পৰাজয় টীম পাকিস্তানৰ। চেম্পিনছ ট্ৰফীৰ আয়োজক দেশ হোৱাৰ সুবাদতে উদ্বোধনী মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিছিল পাকিস্তান। কিন্তু নিজৰ ঘৰুৱা ফিল্ডতে বেটে-বলে পৰাক্ৰমী নিউজিলেণ্ডেৰ হাতত ৬০ৰাণত পৰাজয়বৰণ কৰিলে পাকিস্তানে। 

Advertisment

কাৰাছী নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চেম্পিনছ ট্ৰফী- ২০২৫ৰ প্ৰথমখন খেলত প্ৰথমে বেট ধৰি নিউজিলেণ্ড পাকিস্তানক বান্ধি দিছিল ৩২১ৰাণৰ বিশাল লক্ষ্য। পাক বাহিনীয়ে এই লক্ষ্যৰ পিছা কৰি ২৬০ৰাণতে ইনিংছ সামৰিব লগা হয়। 

উল্লেখ কৰা প্ৰয়োজন যে, টছত জিকি পাকিস্তানে প্ৰথম বলিঙৰ সিদ্ধান্ত লৈছিল। এই সিদ্ধান্ত ভুল প্ৰতিপন্ন কৰিলে কিৱি বাহিনীয়ে। ৱিল ইয়ং আৰু টম লাথমৰ শতকীয় ইনিংছে পাকিস্তানক বেকফুটলৈ ঠেলি দিয়ে। ৱিল ইয়ঙে ১০৭ৰাণৰ লোভনীয় ইনিংছত ১২টা ছয় কোবায়। আনফালে টম লাথমে অপৰাজিত ১১৮ৰাণ সংগ্ৰহ কৰে। 

ইয়াৰ বিপৰীতে পাক টীমৰ হৈ বাবৰ আজমে ৬৪ৰাণ, চলমান আগাই ৪২ৰাণৰ ইনিংছ খেলে যদিও ৰক্ষা কৰিব নোৱাৰিলে দলটোক। কিৱি বাহিনীৰ বলাৰৰ সন্মুখত খেলপথাৰত বেছি পৰ তিষ্ঠিব নোৱাৰিলে পাকিস্তানৰ এজনো বেটছমেন। আৰু অৱশেষত ৬০ৰাণত জয়ী নিউজিলেণ্ড।  

 

পাকিস্তান ক্ৰিকেট