ডিজিটেল ডেস্কঃ নিউয়ৰ্কৰ কুইন্সৰ আমাজুৰা নাইটক্লাবত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা । উক্ত ঘটনাত ৬ গৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলাসহ কমেও ১০ জন লোক আহত হৈছে।
নিউয়ৰ্ক আৰক্ষী বিভাগৰ (এনৱাইপিডি) এজন বিষয়াই সংবাদ মাধ্যমক জনায় যে এই গুলীচালনীৰ ঘটনাৰ লগত জড়িত কোনা ব্যক্তিকে ৰেহাই দিয়া নহ’ব । উল্লেখযোগ্য যে জানুৱাৰীৰ ১ তাৰিখে নিশা প্ৰায় ১১.১৮ বজাত সংঘটিত হৈছে উক্ত গুলীচালনাৰ ঘটনা ।
আৰক্ষী বিভাগৰ লোকে লগতে উল্লেখ কৰে যে প্ৰাৰম্ভিক অনুসন্ধানত প্ৰায় ৯০ জন লোক ঘটনাৰ সময়ত ক্লাৱৰ ভিতৰত আছিলে আৰু ১৫ জন লোক ভিতৰত প্ৰৱেশ কৰিবৰ বাবে বাহিৰত অপেক্ষাৰত আছিল ।
ক্লাৱৰ বাহিৰত থকা এটা গোটৰ দিশত তিনিৰ পৰা চাৰিজন লোকে ত্ৰিশবাৰতকৈও অধিক গুলীচালনা কৰে আৰু একাধিক লোকক আঘাত কৰে। আহত আটাইকেইজন চিকিৎসাধীন যদিও কম দিনৰ ভিতৰতে সুস্থ হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়াই ।