Advertisment

নৱবৰ্ষৰ প্ৰথম দিনটোত ফুলগুৰিত "প্ৰজ্ঞা"ৰ কিতাপ পঢ়াৰ আন্দোলন...

"কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে। পাঠ্যপুথিৰ বাহিৰে আন কিতাপসমূহৰ মাজেৰে শিশুৱে জীৱন আৰু জগতৰ বহু কৌতূহল আৰু ৰহস্যৰ সন্ধান লাভ কৰি

author-image
Asomiya Pratidin
New Update
্্

্্ Photograph: (্্)

ডিজিটেল সংবাদ,  ফুলগুৰিঃ  "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে। পাঠ্যপুথিৰ বাহিৰে আন কিতাপসমূহৰ মাজেৰে শিশুৱে জীৱন আৰু জগতৰ বহু কৌতূহল আৰু ৰহস্যৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। জীৱনৰ ভেটি গঢ়াত এই অধ্যয়নে প্ৰচুৰ ভূমিকা পালন কৰে। এখন সুস্থ সমাজ আৰু এটা শক্তিশালী জাতি গঠনৰ বাবে এই কিতাপ পঢ়াৰ পৰিৱেশটো অতিকৈ প্ৰয়োজন।"

Advertisment

সমাজৰ শিশু আৰু অকণি সকলৰ মাজত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত এক বিশেষ প্ৰয়াস হাতত লৈ আজি নৱবৰ্ষৰ প্ৰথম দিনটোত শংকৰদেৱ শিশু নিকেতন, ফুলগুৰিৰ খেল পথাৰত "কিতাপ পঢ়াৰ আন্দোলন" নামকৰণেৰে এক বিশেষ কাৰ্য্যসূচীৰ উদ্বোধন হয় আৰু এই কাৰ্য্যসূচীৰ শুভ উদ্বোধকৰূপে উপস্থিত থাকে বিশিষ্ট গল্পকাৰ, নাট্যকাৰ শিৱানন্দ কাকতিয়ে এনেদৰে কয়।

শিশুসকলৰ মাজত কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আৰু আনন্দৰ ওপৰত এক গুৰুত্বপূৰ্ণ আৰু সাৰুৱা বক্তব্যৰে শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলক তেখেতে অনাবিল আনন্দৰ খোৰাক যোগায়। উক্ত অনুষ্ঠানতে ডাঃ দেৱদূত কাকতি আৰু অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক গৌতম ডেকাই নিজৰ জীৱনত সংঘটিত হোৱা কিছু ঘটনাৰে শিশুসকলক  কিতাপ পঢ়াৰ অভ্যাস গঠন কৰিবলৈ উৎসাহ প্ৰদান কৰে।

গৌতম ডেকাই ভাষণ প্ৰসংগত কয় যে অত্যধিক ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰে শিশুৰ স্মৃতিশক্তিৰ বিনাশ কৰে। গতিকে যিমান পাৰি কিতাপৰপৰা পোনপটীয়াকৈ জ্ঞান আহৰণৰ প্ৰয়াস কৰিব লাগে। "প্ৰজ্ঞা" মঞ্চৰ সভাপতি তথা বিশিষ্ট লেখক আৰু গীতিকাৰ প্ৰাঞ্জল কুমাৰ মহন্ত শিশুসকলৰ মাজত এক নতুনত্ব আনিবৰ বাবে ভাষণ প্ৰসংগত ক্ৰয় কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰসকলৰ মাজত কিছু কিতাপ বিতৰণ কৰাৰ কথাও উল্লেখ কৰে।

অনুষ্ঠানটিৰ আঁত ধৰে অকণিৰ মঞ্চ প্ৰজ্ঞাৰ সম্পাদক দিব্যজোতি মেধিয়ে আৰু উদ্দেশ্য ব্যাখ্যাত তেওঁ কয় যে নতুন বছৰৰ জানুৱাৰী মাহৰ ভিতৰত প্ৰায় দহখন শিক্ষানুষ্ঠানত এই কাৰ্য্যসূচী অনুষ্ঠিত হ'ব আৰু সমূহ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক লৈ "কিতাপ পঢ়াৰ আনন্দ" বিষয়ৰ এখনি ৰচনা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে ।

শেষত আজিৰ সমুহ কাৰ্য্যসূচীৰ তদাৰক কৰা নিকেতনৰ প্ৰধান আচাৰ্য্য নৱজ্যোতি শৰ্মা প্ৰমুখ্যে নিকেতনৰ সমূহ আচাৰ্য্য-আচাৰ্য্যা আৰু উপস্থিত  অভিভাৱকসকলক অকণিৰ মঞ্চ প্ৰজ্ঞাৰ তৰফৰ পৰা আন্তৰিক শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি দিনটোৰ কাৰ্য্যসূচীৰ সমাপ্তি ঘোষণা কৰা হয় ।

কিতাপ