১৩,১৪ অক্টোবৰত গুৱাহাটীৰ ৰাজপথত গাড়ী চলাওতে সাৱধানঃ বিপদত পৰাৰ পূৰ্বে চাওক এই খবৰ...

author-image
Asomiya Pratidin
New Update
শনিবাৰৰ পৰা গুৱাহাটীত ইচ্ছা অনুসৰি চলাব নোৱাৰিব বাহনঃ চাই লওক এই খবৰ...

traffic instruction

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ১৩ অক্টোবৰত অসলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীলৈ ৰাষ্ট্ৰপতিগৰাকী অহাৰ প্ৰাক মুহূৰ্তত গুৱাহাটী যানবাহন আৰক্ষীয়ে কিছু পথ নিৰ্দেশনা জাৰি কৰিছে।

Advertisment

সেই অনুসৰি ১৩ অক্টোবৰত ৬ চকীয়া বা তাতকৈ অধিক চকাৰ মালবাহী বাণিজ্যিক বাহণ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰিব নোৱাৰিব। পুৱা ৮ বজাৰ পৰা নিশা ১০-৩০ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব।

১৩ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু। ১৩,১৪ অক্টোবৰত গুৱাহাটীত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও বিশেষ কাৰ্যসূচীত।

একেদৰে ১৪ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা দিনৰ ১২-৩০ বজালৈ ডি জি ৰোড, এ টি ৰোড, এম জি ৰোড, কে এল বি ৰোড, টাইবোল্লাহ ৰোড, জি এন বি ৰোড, বি. বৰুৱা ৰোড, জি এছ ৰোড আৰু পাঞ্জাবাৰী ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব।

guwahati traffic instruction