/asomiyapratidin/media/media_files/2025/07/05/new-ap-web-2025-07-05-23-22-33.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰঃ সৃষ্টিশীল লেখা তথা ব্যতিক্ৰমী চিন্তাৰ ফচলৰে ভ্ৰাম্যমাণ জগতত নাট্যকাৰ ৰূপে খোজ দিছে প্ৰতিদিন টাইমৰ সাংবাদিক তপন শইকীয়াই ৷ 'বেকবেঞ্চাৰ' কবিতাপুথিৰ জৰিয়তে এক সুকীয়া পৰিচয় দাঙি ধৰা তপন শইকীয়াই নাট্যৰূপ দিয়া সুদৰ্শন থিয়েটাৰৰ ২০২৫-২৬ বৰ্ষৰ নাটক 'এজাক ধুমুহাৰ শেষত' নাট খনিৰ চকুত চকু থৈ শীৰ্ষক গীতটো শনিবাৰে বিয়লি আনুষ্ঠানিক ভাৱে কলিয়াবৰ প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। গীতটি ৰচনা কৰিছে তপন শইকীয়াই।
এই গীতটি উন্মোচন কৰে বিশিষ্ট সংগীত শিল্পী যোগেন বৰদলৈয়ে। কলিয়াবৰৰ সংবাদ কৰ্মী তথা কবি, লেখক তপন শইকীয়াৰ 'এজাক ধুমুহাৰ শেষত' নাটখনিৰ শীৰ্ষগীত চকুত চকু থৈৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি সমাজকর্মী মণিমাধৱ মহন্তই কয়," বন্ধুবৰ তপন শইকীয়া একাধাৰে সাংবদিক,গল্পকাৰ,গীতিকাৰ,সুৰকাৰ,কবি বুলি জানো যদিও তেওঁ স্বকীয় প্ৰতিভাৰে ভ্ৰাম্যমাণ নাট্যজগতত প্ৰথমবাৰৰ বাৱে নাট্যকাৰ ৰূপে ভূমুকি মাৰিছে ৷ তপনহঁতৰ দৰে প্ৰতিভা আমাৰ বাবে সম্পদ ৷ তেওঁৰ সৃষ্টি নবপ্ৰজন্মৰ বাবে অনুকৰণীয় আদৰ্শ হওঁক।"
কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰ, প্ৰাক্তন সভাপতি নৃপেন কেওট, সম্পাদক গৌতম কুমাৰ বৰা সহিতে কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহন কৰা অনুষ্ঠানত গীতটোত কন্ঠদান কৰা শিল্পী মৃগাংগ বৰুৱা, ময়ুৰী দেৱী, মণিকা দেৱী, বাঁহীবাদক যাদৱ জ্যোতি ফুকন আৰু সংগীতশিল্পী অংকন জ্যেতি শইকীয়াক আদৰণি জনোৱা হয়। অনুষ্ঠানত কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অম্লান গোস্বামী, বিপুল হাজৰিকা, হেমন্ত কুমাৰ বৰা, নিকু ভাগৱতী, সাহিত্যক সূৱৰ্ণ লতা মহন্ত আদিয়ে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us