নতুন ধাৰাবাহিক 'বিয়লি ৰহণ'ৰ মুহুৰত সম্পন্ন

ববিতা বৰুৱাৰ প্ৰযোজনা আৰু পল্টু চিৰঞ্জীৱৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ চিত্ৰনাট্য আৰু সংলাপ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নতুন ধাৰাবাহিক 'বিয়লি ৰহণ'ৰ মুহুৰত সম্পন্ন

ডিজিটেল সংবাদ, গুৱাহাটী : যোৱা শুকুৰবাৰে মুহুৰত সম্পন্ন হয় বি.এম. এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া নতুুন অসমীয়া ধাৰাবাহিক 'বিয়লি ৰহন'ৰ। ববিতা বৰুৱাৰ প্ৰযোজনা আৰু পল্টু চিৰঞ্জীৱৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ চিত্ৰনাট্য আৰু সংলাপ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ।

Advertisment

ধাৰাবাহিকখনৰ কাৰ্যবাহী প্ৰযোজক মন্মথ বৰুৱা। সহ পৰিচালক জোন কলিতা আৰু সুমন বৰ্মন। ৰূপসজ্জা ইম্পি বৰাৰ।

উল্লেখযোগ্য যে, মুহুৰতৰ সময়ত কেমেৰাত মাল্যাৰ্পণ কৰে প্ৰযোজক ববিতা বৰুৱাই,বন্তি প্ৰজ্জ্বলন কৰে দলি বৰুৱাই, কেমেৰাৰ চুইছ অন কৰে ভৱেশ দাসে আৰু নাৰিকল ভাঙে ভগৱৎ প্ৰীতমে। তদুপৰি ক্লেপষ্টিক দিয়ে চন্দন বৰুৱাই।

নতুন ধাৰাবাহিক 'বিয়লি ৰহণ'ৰ মুহুৰত সম্পন্ন
নতুন ধাৰাবাহিক 'বিয়লি ৰহণ'ৰ মুহুৰত সম্পন্ন

 

আনহাতে ধাৰাবাহিকখনত অভিনয় কৰিব মন্মথ বৰুৱা, ভগৱৎ প্ৰীতম, প্ৰশান্ত গোস্বামী, জ্যোতি নাৰায়ণ নাথ, নয়ন নিৰ্বান বৰুৱা, বিজিৎ দেৱচৌধুৰী, অঞ্জু হাজৰিকা, নিবিৰ তালুকদাৰ, ৰূমা কলিতা, মনোজ দাস, জ্যোতিস্মান কাশ্যপ, ৰেখামনি মহন্ত, বনলতা বৈশ্য, নৱ বিকাশ শৰ্মা, সুনিতা শৰ্মা, নিজৰা নমামী গগৈ, দীপান্বিতা দাস আদিয়ে।

cinema