কেৱল মহাকাশৰ খবৰ লৈ আহি আছে এটা নতুন টিভি চেনেল

কেৱল মহাকাশৰ খবৰ লৈ আহি আছে এটা নতুন টিভি চেনেল

author-image
asomiyapratidin
New Update
কেৱল মহাকাশৰ খবৰ লৈ আহি আছে এটা নতুন টিভি চেনেল

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ অনুসন্ধান সংস্থা চমুকৈ 'ইছৰো'ৱে অচিৰেই মুকলি কৰিব এটা দূৰদৰ্শন চেনেল। এই চেনেলটোত মহাকাশ আৰু বিজ্ঞান প্ৰযুক্তি সম্পৰ্কীয় দিশ সামৰি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব।

Advertisment

ইংৰাজীৰ লগতে দেশত প্ৰচলিত কেইবাটাও ভাষাত অনুষ্ঠান সমূহ পৰিৱেশনৰ দিহা কৰা হৈছে। অহা ৩-৪ মাহৰ ভিতৰতে এই নতুন চেনেলটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে 'ইছৰো'ৰ অধ্যক্ষ কে শিৱানে।

ভাৰতৰ গ্ৰামীণ অঞ্চলত মহাকাশ সম্পৰ্কীয় বিভিন্ন জ্ঞান প্ৰদানৰ জৰিয়তে শিশুসকলক এই ক্ষেত্ৰলৈ আকৰ্ষিত কৰিবৰ বাবে অহৰহ প্ৰচেষ্টা চলাব চেনেলটোৱে। খবৰ অনুসৰি ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ জনক বিক্ৰম সাৰাভাইৰ ৯৯ সংখ্যক জন্মজয়ন্তীত এই চেনেলটোৰ শুভাৰম্ভ কৰা হ'ব।