উন্নত দেশৰ উন্নয়নৰ নমুনা! আধিবাসী গাঁৱত স্থাপন নহ'ল এখনো চৰকাৰী বিদ্যালয়...

পৰ্বতঝোৰা তুলসীঝোৰাস্থিত আধিবাসী গাঁও খনত স্থাপন নহ'ল এখন চৰকাৰী বিদ্যালয়। প্ৰাথমিক বিদ্যালয়ৰ পাঠ দানৰ বাবে গাঁওখনৰ কণ কণ শিক্ষাৰ্থীয়ে যাব লাগে ৫ পৰা ৭ কিলোমিটাৰ দূৰত থকা বিদ্যালয়লৈ।

author-image
Asomiya Pratidin
New Update
jkjkjkjk

ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ  দেশে স্বাধীনতা পোৱাৰ ৭৭টা বছৰ অতিক্ৰম কৰাৰ পিছতো পৰ্বতঝোৰা তুলসীঝোৰাস্থিত আধিবাসী গাঁও খনত স্থাপন নহ'ল এখন চৰকাৰী বিদ্যালয়। প্ৰাথমিক বিদ্যালয়ৰ পাঠ দানৰ বাবে গাঁওখনৰ কণ কণ শিক্ষাৰ্থীয়ে যাব লাগে ৫ পৰা ৭ কিলোমিটাৰ দূৰত থকা বিদ্যালয়লৈ।

উপায়ন্তৰ হৈ আদিবাসী গাঁওখনৰ ৰাইজে গাঁঠিৰ ধন খৰচ কৰি স্থাপন কৰিব লগা হৈছে এখন প্ৰাথমিক বিদ্যালয়। এনে এক ঘটনাই অসম চৰকাৰ তথা বিটিআৰ চৰকাৰৰ শিক্ষা বিভাগৰ শিক্ষা ব্যৱস্থা আৰু উন্নয়ন কোন দিশে গতি কৰিছে তাৰেই যেন প্ৰকৃত ছবিখন উদঙাইছে !

গাঁওখনৰ ৰাইজৰ লগতে আদিবাদী কল্যান আৰু উন্নয়ন পৰিষদৰ উদ্যোগত গাওঁ খনত স্থাপন কৰিব ওলাইছে এখন বিদ্যালয়। নতুনকৈ নিৰ্মাণ হব লগা বিদ্যালয় খনৰ লাইখুঁটা স্থাপন কৰে আদিবাসী কল্যান আৰু উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাসদাই।

এতিয়া প্ৰশ্ন হয় অসম চৰকাৰ আৰু বি টি আৰ চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ এয়াই নেকি উন্নয়ন! যি কাম কৰিব লাগিছিল শিক্ষা বিভাগে সেই কাম এতিয়া কৰি দেখুৱালে স্থানীয় ৰাইজে।

ধুবুৰী