/asomiyapratidin/media/media_files/2025/07/31/ap-for-web-lakhim-2025-07-31-22-07-50.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : নতুন সময়সূচী নিৰ্ধাৰণ কৰা হৈছে লখিমপুৰ জিলাৰ বিদ্যালয়সমূহৰ । সাম্প্ৰতিক সময়ত দেখা দিয়া উৎকট গৰমৰ বাবে লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক হেম চন্দ্ৰ শইকীয়াই বৃহস্পতি বাৰে জাৰি কৰিছে এক নিৰ্দেশনা ।
আই এছ/এল ডি চি /চামাৰ ভেকেচন/০১/২০২৪/৯৭১২/৯৯৫নম্বৰৰ এক নিৰ্দেশনাযোগে লখিমপুৰ জিলা চক্ৰৰ অন্তৰ্গত সকলো নিম্ন প্ৰাথমিক বিদ্যালয় পুৱা ৭-৩০ বজাৰ পৰা১১-৩০ বজালৈ ,সকলো উচ্চ প্ৰাথমিক ,মধ্য ইংৰাজী বিদ্যালয় পুৱা ৭-৩০ বজাৰ পৰা ১২বজালৈ আৰু সকলো উচ্চ মাধ্যমিক , উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাদান পুৱা ৭-৩০ বজাত আৰম্ভ কৰি দুপৰীয়া ১২-৩০ বজাত শেষ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ।
জিলাখনৰ সকলো চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে অনাগত সময়ত পুনৰ নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ।