অসমৰ ৰাজনীতিৰ নতুন চাণক্য বিধায়ক ৰূপজ্যোতি কুৰ্মী ! ধুবুৰী দখলৰ ব্লুপ্ৰিণ্ট তৈয়াৰ...

ৰূপজ্যোতি কুৰ্মীৰ মন্ত্ৰণা...
rupjyoti kurmi
rupjyoti kurmi rupjyoti kurmi

ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ ত্ৰাণ কৰ্তা হিচাপে আবিৰ্ভাৱ ঘটিছে ন-বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নি সমষ্টিৰ বিধায়কজনে বিজেপিৰ শীৰ্ষ নেতৃত্বয়ো যি সমস্যাৰ সমাধান বিচাৰি পোৱা নাছিল সেই সমস্যাৰ সমিধান আগবঢ়ালে।

এক কথাত যেন গুৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰেই ৰূপজ্যোতি এতিয়া হৈ পৰিছে অসমৰ ৰাজনীতিৰ অন্যতম এগৰাকী চাণক্য। বিধায়ক ৰূপজ্যোতিৰ সমিধানে এতিয়া বিজেপিক আশ্বস্ত কৰিছে, ২০২৪ ত অসমত বাঢ়িব বিজেপিৰ এসন আসন।

২০২৪ৰ অনুষ্ঠিত হ'বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে শাসনাধিস্ত বিজেপি। ইতিমধ্যে দলটোৱে এক ৰোডমেপ তৈয়াৰ কৰিছে। যিবোৰ সমষ্টিত বিজেপি পূৰ্বতে খুব কম ভোটত পৰাস্ত হৈছে বা দ্বিতীয় স্থানত আছে তেনেবোৰ সমষ্টি এইবাৰ নিজৰ দখললৈ নিবলৈ বিজেপিয়ে আৰম্ভ কৰিছে প্ৰচাৰ কাৰ্য।

ইয়াৰ বাবে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক এনে প্ৰায় ১৯০ টা সমষ্টিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। কেন্দ্ৰীয় মন্ত্ৰীসকলেও শীৰ্ষ নেতৃত্বৰ নিৰ্দেশত সমষ্টি পৰিদৰ্শন কৰি দলীয় কাৰ্যকৰ্তা তথা বিভিন্ন ব্যক্তিৰ লগত আলোচনাৰে নিজৰ প্ৰতিবেদন দাখিল কৰিছে।

অসমৰ ক্ষেত্ৰত এইবাৰ বিজেপিয়ে কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ আৰু নগাওঁ লোকসভা সমষ্টি দুটা যিকোনো পৰিস্থিতিতে নিজৰ দখললৈ নিবলৈ ককালত টঙালি বান্ধিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তামেশ্বৰ তেলীয়ে এই দুয়োটা সমষ্টি পৰিদৰ্শন কৰি নিজৰ প্ৰতিবেদন দাখিল কৰিছে।

কলিয়াবৰ সমষ্টি আছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ দখলত। আনহাতে নগাওঁ সমষ্টি আছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ দখলত। শেহতীয়াকৈ অতিকৈ চৰ্চাত থকা এটা খবৰ হ'ল নগাওঁ লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব। অৱশ্যে এতিয়াও এই বিষয়ে কোনো স্পষ্ট ইংগিত পোৱা নাই।

আনহাতে দিল্লীত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ কদৰ কিমান সেয়া সকলোৱে জানে। লোকসভাত গৌৰৱ গগৈ কংগ্ৰেছৰ এক বলিষ্ঠ কণ্ঠ। যিকোনো বিতৰ্কত গৌৰৱ গগৈৰ যুক্তি তথা বক্তব্যই বহু সময়ত বিজেপিক বিপদত পেলাই আহিছে। ইংৰাজী আৰু হিন্দীৰ ভাল দখল থকা গৌৰৱ গগৈ লোকসভাত বিৰোধী পক্ষৰ সন্মুখৰ আসনত বহে। তেওঁৰ ওপৰত দেল দিছে বিশেষ দায়িত্ব।

সেয়েহে বিজেপিয়ে এতিয়া যিকোনো পৰিস্থিতিতে কলিয়াবৰ দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। কিয়নো প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ স্বাৰ্থত বিজেপিত চামিল হোৱাৰ সম্ভাৱনা থাকিলেও গৌৰৱ গগৈৰ ক্ষেত্ৰত তেনে কোনো স্বাৰ্থ নাই।

পিছে বিজেপিয়ে এই দুখন আসনক লৈ যিদৰে কাম কৰিছে, পৰিকল্পনা হাতত লৈছে তেনে কোনো বিশেষ পৰিকল্পনা নাই এ আই ইউ ডি এফৰ নেতা বদৰুদ্দিন আজমলৰ দখলত থকা ধুবুৰী সমষ্টিৰ ক্ষেত্ৰত। বিজেপিয়ে অসমৰ আটাইকেইখন লোকসভা আসনৰ ভিতৰত ধুবুৰীক যে নিজৰ দখললৈ নিবলৈ সক্ষম হ'ব সেই কথাক বৰ সহজতে বিশ্বাস নকৰে।

আজমলৰ দখলত থকা এই সমষ্টিটো বিজেপিয়ে নিজৰ দখললৈ নিবলৈ সক্ষম নহ'ব বুলিয়েই বিশ্বাস কৰে। সেয়েহে বৰ বিশেষ প্ৰস্তুতিও নাই। কিন্তু বজেপিৰ জয়ৰ বাবে প্ৰায় অসম্ভৱ এই ধুবুৰী সমষ্টি ২০২৪ ত যাব বিজেপিৰ দখললৈ। বিজেপিক এইখন আসন জয়ৰ ক্ষেত্ৰত মন্ত্ৰণা দিছে ন-বিজেপি বিধায়ক তথা বহুবল্কি বিধায়ক হিচাপে নাম থকা ৰূপজ্যোতি কুৰ্মীয়ে। কুৰ্মীৰ মতে ২০২৪ ত ধুবুৰী বিজেপিয়ে দখল কৰিব।

ৰূপজ্যোতি কুৰ্মীয়ে ধুবুৰী লোকসভা সমষ্টিৰ বাবে শুকুৰ আলীৰ নাম প্ৰস্তাৱ কৰিছে। কুৰ্মীয়ে বিশ্বাস কৰে শুকুৰ আলীয়ে ধুবুৰীৰ পৰা প্ৰতিদ্বন্দিতা কৰিলে বদৰুদ্দিন আজমল পৰাস্ত হ'ব।

তেওঁৰ মতে শুকুৰ আলী বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন জনপ্ৰিয় আৰু শক্তিশালী নেতা। কুৰ্মীৰ মতে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে আটইকেইখন আসনত জয়লাভ কৰিব। তেওঁৰ মতে ৰাইজে এতিয়া উন্নয়নৰ স্বাৰ্থত বিজেপিক আঁকোৱালি লৈছে ।

লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎসাত হ'ব বুলিও দৃঢ়তাৰে বিশ্বাস কৰে ৰূপজ্যোতি কুৰ্মীয়ে। অৱশ্যে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এই মন্ত্ৰণা বিজেপি শীৰ্ষ নেতৃত্বই কি দৰে লয় অথবা শুকুৰ আলীক ধুবুৰীৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰেনে নাই সেয়াহে হ'ব লক্ষ্যণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in