ৰাহি হ’ব ধন! একেখন কাগজতে লিখিব পাৰিব ১০০০ বাৰ

ৰাহি হ’ব ধন! একেখন কাগজতে লিখিব পাৰিব ১০০০ বাৰ

author-image
asomiyapratidin
New Update
ৰাহি হ’ব ধন! একেখন কাগজতে লিখিব পাৰিব ১০০০ বাৰ

ডিজিটেল ডেস্কঃ এখন কাগজত আপুনি কিমানবাৰ লিখিব পাৰে? এবাৰেই নহয় জানো? কিন্তু যদি আপোনাক এনে এখন কাগজ ব্যৱহাৰ কৰিবলৈ দিয়া হয়, য'ত আপুনি এশ বাৰতকৈও অধিকবাৰ লিখিব পাৰে আৰু তাক মচি পেলাব পাৰে, তেন্তে কেনে হ'ব? আচৰিত যেন লাগিলেও এয়া সম্ভৱ কৰিছে চীনে।

Advertisment

চীনা বিজ্ঞানীৰ এটা দলে শেহতীয়াকৈ এনে পেপাৰ নিৰ্মাণ কৰি উলিয়াইছে, য'ত এশতকৈও অধিক বাৰ আখৰ লিখিব পাৰি তাক সহজেই মচি পেলাবও পাৰি। এই নতুন কাগজৰ দ্বাৰা সমগ্ৰ বিশ্বৰ কাগজৰ অভাৱ আৰু প্ৰদূষণ ৰোধ কৰিব পৰা যাব বুলি দাবী কৰিছে সংস্থাটোৱে। বৈজ্ঞানিক সংস্থাটোৱে দাবী কৰা মতে, কেৱল তাপমান সলনি কৰিয়েই এনে কাগজত লিখা আখৰ মচি পেলাব পৰা যায়। কেৱল এয়াই নহয়, এই কাগজসমূহ অবিৰতভাৱে প্ৰিন্টো কৰিব পাৰি।

চীনৰ ফুজিয়ান নৰ্মেল ইউনিভাৰ্চিটিৰ অধ্যাপক লুঝুঅ' চেনে জানিবলৈ দিয়া মতে, সাধাৰণ ৰি-ৰাইটেবল পেপাৰত কিবা লিখাৰ পিছত কিছু সপ্তাহৰ পিছতে আখৰবোৰ মচ খাই যায়। কিন্তু অত্যাধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা এই ৰি-ৰাইটেবল পেপাৰসমূহত লিখা আখৰ ৬ মাহ পৰ্যন্ত একেই থাকে।

ৰি-ৰাইটেবল পেপাৰৰ প্ৰস্তুতকাৰীসকলে জনোৱা মতে, এই পেপাৰসমূহ তিনিটা লেয়াৰ বা প্ৰলেপেৰে প্ৰস্তুত কৰা হৈছে। যাৰ বাবে কেৱল তাপমান সালসলনি কৰিয়েই আখৰ মচিব পৰা যায়। এই কাগজসমূহৰ এটা পিঠিত নীলা ৰঙৰ প্ৰলেপ ব্যৱহাৰ কৰা হৈছে। যিটো উষ্ণতা বৃদ্ধিৰ লগে লগে নোহোৱা হৈ যায়। আনহাতে আনটো পিঠিত ব্লেক ট'নাৰৰ ব্যৱহাৰ কৰা হৈছে, যিয়ে পোহৰৰ সৈতে লগ লাগি উষ্ণতাৰ সৃষ্টি কৰে।

যেতিয়া তাপমান ৬৫ ডিগ্ৰী ছেলচিয়াছতকৈ অধিক হ'ব, তেতিয়া এই পেপাৰৰ ৰং নীলাৰ পৰা সলনি হৈ বগা হ'ব আৰু ইয়াৰ ওপৰত পুনৰ লিখিব পৰা যাব। কিন্তু তাপমান যেতিয়া মাইনাছ ১০ ডিগ্ৰী ছেলচিয়াছতকৈ কম হ'ব তেতিয়া কাগজখন পুনৰ নীলা হৈ পৰিব আৰু ইয়াৰ আখৰসমূহ মচ খাই যাব।

আনহাতে এই কাগজত লিখিবৰ বাবে এক বিশেষ ধৰণৰ কলমো নিৰ্মাণ কৰি উলিওৱা হৈছে। এই বিশেষ কলমটো কাগজৰ সংস্পৰ্শলৈ অহাৰ লগে লগে উষ্ণতা বৃদ্ধি কৰে আৰু পেপাৰখন লিখাৰ উপযোগী কৰি তোলে।

প্ৰস্তুতকাৰীসকলে দাবী কৰা মতে, এনে ধৰণেৰে এই পেপাৰখন কেইবাবাৰো ব্যৱহাৰ কৰিব পৰা যাব। লগতে এই ৰি-ৰাইটেবল পেপাৰ প্ৰস্তুত কৰাটো তেনেই সহজ বুলিও দাবী কৰা হৈছে। ইতিমধ্যে চীনৰ লগতে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ এই কাগজ ব্যৱহাৰৰ বাবে প্ৰেৰণ কৰা হৈছে।