/asomiyapratidin/media/media_files/2025/03/07/ThMhi4yIosHTxi8is0uG.jpg)
ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছত নতুন সভাপতি নিযুক্ত
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাক সভাপতি পদৰ পৰা তাৎক্ষণিকভাৱে অপসাৰণ কৰা হৈছে । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ অনুমোদন আৰু নিৰ্দেশনা মতে ২০২২ চনত ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত হোৱা অনুপ বৰুৱাক অপসাৰণ কৰি উদ্যমী যুৱ নেতা জাইল সিং দলেক এই গুৰুত্বপূৰ্ণ পদত স্থলাভিসিক্ত কৰা হৈছে ।
/asomiyapratidin/media/media_files/2025/03/07/eca0p85cbbqu8S75O19X.jpg)
প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুৱেইৰ আনামৰ অনুমোদন ক্ৰমে প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰশাসনিক সাংগঠনিক সাধাৰণ সম্পাদক পূর্বাশ্ৰী গগৈয়ে যোৱা ৬ মাৰ্চত এ পি ৱাই চি /২০২৫/০২/০৮ নম্বৰত জাৰি কৰা নিৰ্দেশনাযোগে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে দলেক নিযুক্তি প্ৰদান কৰিছে । ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ এগৰাকী উৎসৰ্গিত মনোভাৱৰ সক্ৰিয় দলীয় নেতা দলেক এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাৰ বাবে যুৱ কংগ্ৰেছী সকল উৎসাহী হৈ পৰিছে ।
দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী দলেৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ সাংগঠনিক শক্তি দুগুণ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰি যুৱ কংগ্ৰেছৰ কৰ্মীসকলে নব নিযুক্ত ব্লক সভাপতিগৰাকীক অভিনন্দন জ্ঞাপন কৰিছে।