স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত দিয়া ভাষণৰ এক বিশ্লেষণ...

জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ শাসনকালত তেওঁলোকে অধিক সময় ভাষণ দিয়াৰ পিছতো স্বাধীনতা দিৱসৰ ভাষণৰ সময় তুলনামূলকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীতকৈ যথেষ্ট কম। 

New Update
new ap web 5 (6)

ডিজিটেল ডেস্কঃ  এই টোকাটোত গুণগত বিশ্লেষণৰ ভিত্তিত ১৯৪৭ চনৰ পৰা ভাৰতীয় প্ৰধানমন্ত্ৰীসকলে দিয়া স্বাধীনতা দিৱসৰ ভাষণসমূহৰ মূল্যায়ন কৰা হৈছে। প্ৰধানমন্ত্ৰী সকলে লালকিল্লাৰ পৰা দিয়া ভাষণত শাসন ব্যৱস্থা, বৈদেশিক সম্পৰ্ক, অৰ্থনৈতিক পৰিস্থিতি, মুদ্ৰাস্ফীতি আৰু গণতন্ত্ৰৰ দৰে মূল বিষয়সমূহৰ ওপৰত তেওঁলোকৰ মতামতক তুলনা কৰা হৈছে।

Advertisment

উল্লেখযোগ্য যে, জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ শাসনকালত তেওঁলোকে অধিক সময় ভাষণ দিয়াৰ পিছতো স্বাধীনতা দিৱসৰ ভাষণৰ সময় তুলনামূলকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীতকৈ যথেষ্ট কম। 

১৯৫৪ চনত জৱাহৰলাল নেহৰুৰ ভাষনৰ সময় : ১৪ মিনিট
১৯৫৯: ১৮ মিনিট
১৯৬২: ১৬ মিনিট

১৯৬৬ চনত ইন্দিৰা গান্ধীৰ ভাষনৰ সময় : ১৪ মিনিট
১৯৭১: ২৫ মিনিট
১৯৭৩: ২৫ মিনিট

১৯৮৫ চনত ৰাজীৱ গান্ধীৰ ভাষনৰ সময় : ৩১ মিনিট

1

লক্ষ্যণীয় যে, জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ সময়ছোৱাত জাতিটোৱে প্ৰধানমন্ত্ৰীৰ পৰা দিশ, প্ৰেৰণা, নেতৃত্ব, দৃষ্টিভংগীৰ আকাংক্ষা কৰি থকাৰ সময়ত তেওঁলোকে ১৫ আগষ্টৰ ভাষণবোৰক কেৱল আনুষ্ঠানিকতা হিচাপে গণ্য কৰিছিল।

• প্ৰধানমন্ত্ৰী সকলে নিজ নিজ সময়ছোৱাত ৰাষ্ট্ৰীয় কাৰ্যসূচী নিৰ্ধাৰনৰ বাবে কি পদক্ষেপ লৈ সেয়া কিমান কাৰ্যকৰী কৰিছিল সেইটো অতি গুৰুত্বপূৰ্ণ বিষয়।

• জৱাহৰলাল নেহৰুৱে মধ্যবিত্ত শ্ৰেণীক সমালোচনা কৰিছিল, ব্যৱসায়ী শ্ৰেণীক অপমান কৰিছিল, মুদ্ৰাস্ফীতি আৰু চীনৰ আগ্ৰাসনৰ দৰে সমস্যা সমূহক নেহৰুৱে গুৰুত্ব সহকাৰে লোৱা নাছিল।

• সমান্তৰালকৈ ইন্দিৰা গান্ধীয়েও নিজ দায়িত্বকালত ৰাইজক বিভিন্ন ভাবুকি দি উত্তৰসূৰী হিচাপে পিতৃ জৱাহৰলাল নেহৰুৰ পৰিকল্পনাক আগুৱাই লৈ গৈছিল।

• ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ আছে পোনপটীয়া কাৰ্য্য পৰিকল্পনা। নিৰ্ধাৰিত সময়সীমা। বিগত বছৰৰ কৃতিত্বৰ প্ৰতিবেদনৰ লগতে শ্ৰী মোডীয়ে যুৱক-যুৱতী আৰু মধ্যবিত্ত শ্ৰেণীক অধিক সাফল্য লাভ কৰিবলৈ উৎসাহিত কৰি আহিছে।

2

১. ব্যৱসায় আৰু ব্যৱসায়ীৰ প্ৰতি মনোভাৱঃ 

নৰেন্দ্ৰ মোডী (২০১৯)

আমাৰ দেশত কিছুমান অন্ধ বিশ্বাসে থিতাপি লৈছে। আমি সেই মানসিকতা পৰা ওলাই আহিব লাগিব। দেশৰ বাবে সম্পদ সৃষ্টি কৰা, জাতিৰ সম্পদ সৃষ্টিত অৰিহণা যোগোৱাসকলে দেশৰ সেৱা কৰি আছে। আমি আমাৰ সম্পদ সৃষ্টিকৰ্তাক সন্দেহ কৰা উচিত নহয়। দেশক আৰ্থিকভাৱে আগুৱাই নিয়াত সহায় কৰা সকলক সমান সন্মান আৰু উৎসাহ দিয়া উচিত। 

বিশ্লেষণ-

কঠোৰ আইন আৰু উচ্চ কৰকে ধৰি নেহৰুৰ ব্যৱসায় বিৰোধী নীতিয়ে উদ্যোগীকৰণক স্তব্ধ কৰি পেলাইছিল, যাৰ ফলত ভাৰতৰ জনমূৰি জিডিপি (পিপিপি) বিশ্বৰ গড়ৰ ৩% লৈ অৰ্ধনমিত হৈছিল। ইন্দিৰা গান্ধীৰ উদ্যোগসমূহক ৰাষ্ট্ৰীয়কৰণ কৰা সিদ্ধান্তই আৰু অতিৰিক্ত ৯৭.৫% কৰ হাৰে ভাৰতক পূব এছিয়াৰ ৰাষ্ট্ৰসমূহতকৈ পাছলৈ ঠেলি দিছিল।

চিক ইণ্ডাচট্ৰিয়েল কোম্পানী আইনকে ধৰি ৰাজীৱ গান্ধীৰ নীতিয়ে ভাই-ভতিজাবাদৰ পোষকতা কৰিছিল। ব্যৱসায়িক সমালোচনা কৰি ৰাহুল গান্ধীয়ে উত্তৰসূৰী হিচাপে পৰিয়ালৰ এই পৰিকল্পনা অব্যাহত ৰাখিলে। 

ইয়াৰ বিপৰীতে মোডী চৰকাৰে এম এছ এম ইক প্ৰসাৰিত কৰি, জি এছ টিক যুক্তিসংগত কৰি, কৰ্পৰেট কৰ ১৫- ২২%লৈ হ্ৰাস কৰি উদ্যোগীকৰনৰ ক্ষেত্ৰত মাইলৰ খুঁটি অতিক্ৰম কৰিছে। অনুসৰণ হ্ৰাস কৰা লগতে পুৰণি আইন বাতিল কৰি মোডীয়ে এক সমৃদ্ধিশালী ষ্টাৰ্ট-আপ পৰিৱেশ তন্ত্ৰৰ সূচনা কৰিছে, যাৰ ফলত ভাৰত ২০২১ চনত ইউনিকৰ্ণৰ বাবে তৃতীয় বৃহত্তম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

২. সাধাৰণ জনতাৰ প্ৰতি মনোভাৱঃ

নৰেন্দ্ৰ মোডী (২০১৯)

যিকোনো সমস্যাৰ সৈতে যুঁজিবলৈ মোৰ এই দুখীয়া ভাইসকলৰেই শক্তি আছে। সমস্যাৰ সন্মুখীন হ’বলৈ আমি তেওঁলোকৰ জন্মগত শক্তিৰ আগত নতশিৰ হ’ব লাগিব আৰু তেওঁলোকৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাত সহায় কৰিব লাগিব।

বিশ্লেষণ-

• জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে জনসাধাৰণক হেয়জ্ঞান কৰি এলেহুৱা, খাদ্য অপচয়, অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰা বুলি অভিহিত কৰি মুদ্ৰাস্ফীতি আৰু খাদ্যৰ অভাৱৰ বাবে ৰাইজক দোষাৰোপ কৰিছিল।

• লগতে ৰাজীৱ গান্ধীয়ে কৈছিল, নেহৰু আৰু ইন্দিৰাৰ নীতি নাথাকিলে ভাৰতীয়ই আন দেশলৈ গৈ সহায়ৰ বাবে ভিক্ষা বিচাৰিব লগা হ’লহেঁতেন৷

• নেহৰু-গান্ধী পৰিয়ালৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত গঠিত চৰকাৰসমূহে নিজ চৰকাৰৰ নীতিগত বিফলতাৰ বাবে সদায় ‘জনসাধাৰণ’ক দোষাৰোপ কৰিছিল।

• খাদ্য শস্যৰ নাটনিৰ প্ৰতি নেহৰু-ইন্দিৰাৰ দৃষ্টিভংগীৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীয়ে নূন্যতম সমৰ্থন মূল্য (MSP) বৃদ্ধি কৰি দালি উৎপাদনক উৎসাহিত কৰিছিল যাৰ ফলত আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছিল।

• প্ৰধানমন্ত্ৰী মোডীয়ে সদায় দেশৰ নাগৰিকৰ প্ৰতি বিশ্বাস দেখুৱাই আহিছে আৰু ৰাইজে তেওঁক সঠিক বুলি প্ৰমাণ কৰিছে।

৩. চীনৰ আগ্ৰাসন সন্দৰ্ভত প্ৰতিক্ৰিয়াঃ 

নৰেন্দ্ৰ মোডী (২০২০)

বিশ্লেষণ-

সমগ্ৰ জাতিটো উৎসাহী লগতে দৃঢ়তাৰে অনুপ্ৰাণিত হৈ ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে আগবাঢ়িছে। লাডাখত আমাৰ সাহসী সৈনিকসকলে কি কৰিব পাৰে, আৰু জাতিটোৱে নিজৰ সংকল্প ৰক্ষাৰ বাবে কি কৰিব পাৰে সেয়া বিশ্বই দেখিছে। আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা মাতৃভূমিৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া সকলো সাহসী পুৰুষ আৰু জোৱানক মই প্ৰণাম জনাইছো।

• আশ্চৰ্যজনকভাৱে নেহৰুৱে চীনৰ যুদ্ধক ভাৰতৰ বাবে ইতিবাচক বুলি গণ্য কৰিছিল। তদুপৰি ১৯৬৩ চনৰ সমগ্ৰ ভাষণত তেওঁ এবাৰলৈও ভাৰতীয় সেনাবাহিনীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নাছিল। তেওঁলোকৰ বীৰত্ব আৰু ত্যাগৰ কথাও উল্লেখ কৰা নাছিল।

• যুদ্ধৰ আগতেই নেহৰুৱে কৈছিল যে আমাৰ ওচৰ-চুবুৰীয়াই যুদ্ধৰ হুংকাৰ দিছে, কিন্তু পিছৰ বছৰৰ ভাষণত তেওঁ কয় যে আক্ৰমণ হঠাতে হৈছিল !

• নেহৰুৱে এখন বিকল্প পৃথিৱীত বাস কৰিছিল যিখন কঠোৰ স্থল বাস্তৱতাৰ পৰা বহু দূৰৈত আছিল।

• চীন আৰু ছোভিয়েট ইউনিয়নত ভগ্নীক ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া, চীন যুদ্ধৰ পূৰ্বে সশস্ত্ৰ বাহিনীত হস্তক্ষেপ কৰা আৰু এজন জেনেৰেল বাছনি কৰা লগতে কমিউনিষ্ট সহানুভূতিশীল এজনক প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিযুক্তি দিয়া নেহৰুৰ ভাই ভতিজাবাদে এই অপমানজনক পৰাজয়ত মুখ্য ভূমিকা পালন কৰিছিল।

• নেহৰুৰ সামৰিক বাহিনীক অৱহেলাই ভাৰতৰ পৰাজয়ৰ বাট মুকলি কৰি দিছিল।

• নেহৰুৱে সামৰিক বাহিনী ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰা গোৱা মুক্তিৰ ক্ষেত্ৰত তেওঁৰ স্থিতিৰ পৰাই অনুমান কৰিব পাৰি, য’ত ভাৰতৰ স্বাধীনতাৰ কেইবাবছৰ পিছতো তেওঁ গোৱাক পৰ্তুগীজৰ পৰা মুক্ত কৰিবলৈ সামৰিক হস্তক্ষেপক দৃঢ়তাৰে অস্বীকাৰ কৰিছিল।

৪. পাকিস্তানৰ প্ৰতি মনোভাৱঃ

নৰেন্দ্ৰ মোডী (২০১৬)

মই বেলুচিস্তান, গিলগিট আৰু জম্মু- কাশ্মীৰৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰাৰ বাবে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।

নৰেন্দ্ৰ মোডী (২০২৫)

 অপাৰেচন সিন্দুৰ আছিল ক্ষোভৰ বৰ্হিঃ প্ৰকাশ। পেহেলগামত সংঘটিত ঘটনাৰ পিছত আমি আমাৰ সেনাবাহিনীক কৌশল নিৰ্ধাৰণ কৰা লগতে লক্ষ্য আৰু সময় নিৰ্ধাৰণ কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিছিলো। আমাৰ সেনাই যি কৰি দেখুৱালে সেয়া দশক দশক ধৰি হোৱা নাছিল। শত্ৰুপক্ষৰ ভূখণ্ডত শ শ কিলোমিটাৰ ভেদ কৰিছিল ভাৰতীয় সেন্যই।

বিশ্লেষণ-

• ১৯৪৭-৪৮ চনৰ পৰাই ভাৰতত পাকিস্তানৰ আগ্ৰাসন চলি থকাৰ পিছতো নেহৰু, ইন্দিৰা, পি ভি নৰসিংহ ৰাও আৰু মনমোহন সিঙে সকলো দেখিও যেন চকু মুদা কুলিৰ ভাও ধৰিছিল।

• ১৯৫৭ চনৰ স্বাধীনতা দিৱসৰ ভাষণত নেহৰুৱে কিয় পাকিস্তানক প্ৰশংসা কৰিছিল, কিয় ভাবিছিল যে পাকিস্তান আমাৰ অংশ, আমাৰ হৃদয়ৰ অংশ। পাকিস্তানৰ লগত যুঁজিবলৈ তেওঁ কিয় দ্বিধাবোধ কৰিছিল, কিয় ভাবিছিল যে আমি তেওঁলোকৰ ক্ষতি কৰিলে নিজৰ ক্ষতি কৰিম?

• ১৯৫৮ চনত নন-নেহৰু চুক্তিৰ অধীনত বেৰুবাৰীক বিৰোধিতাৰ মাজতো পূব পাকিস্তানলৈ বদলি কৰা হয়।১৯৬০ চনত ভাৰতে পঞ্জাৱত থকা মেজৰ জেনেৰেল ৰাখ হৰ্দত সিং, পাঠাংকে, চুলেমানকে আৰু চাক লাধকে পাকিস্তানৰ হাতত গতাই দিয়ে।

• ১৯৬০ চনত ভাৰতে সিন্ধু জল চুক্তিৰ অধীনত পাকিস্তানক ১৭৪ মিলিয়ন ডলাৰ (আজিৰ ১.৬ বিলিয়ন ডলাৰ) প্ৰদান কৰিছিল।

• ১৯৬২–৬৪ চনত নেহৰুৰ মন্ত্ৰী স্বৰন সিঙে আলোচনা কৰি পুঞ্চ, উৰি, নীলম আৰু কিছাংগাংগা উপত্যকাক ‘শান্তি আৰু সহযোগিতাৰ ৰেখা’ হিচাপে পাকিস্তানক অৰ্পণ কৰিবলৈ সন্মত হয়।

• ইন্দিৰা গান্ধীয়ে পাকিস্তানৰ সৈতে যুঁজ দিছিল যদিও দেশখনৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী ম্লান হৈ আছিল, যিটো ১৯৭১ চনৰ যুদ্ধৰ পিছত তেওঁৰ নীতিগত সিদ্ধান্তত স্পষ্ট হৈ পৰিছিল। উদাহৰণস্বৰূপে, পাকিস্তানৰ পৰা কোনো উপযুক্ত প্ৰতিশ্ৰুতি নোপোৱাকৈ ৯০ হাজাৰ কাৰাবন্দীক উভতাই পঠিওৱা বিষয়টোৱে তেওঁৰ বিভ্ৰান্তিকৰ চিন্তাধাৰাক প্ৰতিফলিত কৰিছিল।

• আশ্চৰ্যজনকভাৱে মনমোহন সিঙে আফগানিস্তানত থকা আমাৰ দূতাবাসত হোৱা আক্ৰমণ (আপাত দৃষ্টিত পাকিস্তানৰ নিৰ্দেশত) আৰু ২৬/১১ আক্ৰমণৰ কথা কোৱাৰ পিছতো মাথো কয় যে, দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান বন্ধুত্বৰ প্ৰভাৱ পৰিব। 

• ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ ভাষণত পাকিস্তান দখল কৰা কাশ্মীৰৰ কথা উল্লেখ কৰা এটা অনুষ্ঠানৰ বাহিৰে এবাৰো পাকিস্তানৰ কথা উল্লেখ কৰা নাছিল।

৫. মুদ্ৰাস্ফীতি আৰু খাদ্যৰ অভাৱৰ প্ৰতি ধাৰণাঃ

নৰেন্দ্ৰ মোডী (২০২৫)

প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰা তথ্য অনুসৰি, দেশৰ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে, লগতে বৈদেশিক বিনিময়ৰ মজুত অতি শক্তিশালী। সামষ্টিক অৰ্থনৈতিক সূচক অতি শক্তিশালী হৈ থকাৰ লগতে বিশ্বব্যাপী ৰেটিং এজেন্সীসমূহেও ভাৰতক অহৰহ প্ৰশংসা কৰিছে।

বিশ্লেষণ-

• জৱাহৰলালা নেহৰুৱে প্ৰতি বছৰে মুদ্ৰাস্ফীতিক এটা ডাঙৰ বিষয় হিচাপে উল্লেখ কৰিছিল। যদিও ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ কোনো নিৰ্দিষ্ট কাৰ্য্য পৰিকল্পনাৰ পৰামৰ্শ দিয়া নাছিল। বৰঞ্চ তেওঁ ভাৰতৰ মুদ্ৰাস্ফীতিৰ হিচাপ দিবলৈ কোৰিয়াৰ যুদ্ধৰ দৰে ভ্ৰান্ত যুক্তি ব্যৱহাৰ কৰিছিল।

• ইন্দিৰা গান্ধীয়েও প্ৰায় প্ৰতি বছৰে মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰিছিল, কিন্তু কোনো নিৰ্দিষ্ট সমাধান আগবঢ়োৱা নাছিল। অৱশেষত হতাশ হৈ তেওঁ পৰামৰ্শ দিছিল যে খাদ্যৰ বৰ্ধিত মূল্যৰ সৈতে মোকাবিলা কৰিবলৈ মানুহে শাক-পাচলি খেতি কৰিব লাগে।

• খাদ্যৰ নাটনিৰ বাবে নেহৰুৱে ১৯৫৫ চনত অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল, যাৰ ফলত আমোলাসকলে ব্যৱসায়িক প্ৰতিষ্ঠানৰ শোষণ কৰিছিল।

• ইন্দিৰা গান্ধীয়ে বেংকসমূহক ৰাষ্ট্ৰীয়কৰণ কৰি আমোলাসকলৰ দখল আৰু অধিক শক্তিশালী কৰি তুলিলে।

• নেহৰু আৰু ইন্দিৰাই প্ৰায়ে নিজৰ ব্যৰ্থতাৰ বাবে জনসাধাৰণক দোষাৰোপ কৰিছিল। 

• এই ক্ষেত্ৰত মনমোহন সিং আছিল এখোপ চৰা, অধিক মূল্য কৃষকৰ বাবে ভাল বুলি মত প্ৰকাশ কৰিছিল সিঙে। 

৬. জবাবদিহিতাৰ ক্ষেত্ৰত সমস্যাঃ

নৰেন্দ্ৰ মোডী (২০১৪)

আঁচনিবোৰ পূৰ্বতেও আছিল। এনে কোনো চৰকাৰৰ নাই যিয়ে আঁচনিৰ পৰিকল্পনা কৰা নাছিল, প্ৰতিখন চৰকাৰে এই কাম কৰে, প্ৰতিখন চৰকাৰে বিভিন্ন ঘোষণা কৰে, প্ৰতিখন চৰকাৰে বিভিন্ন আঁচনীৰ উদ্বোধনী ফিতা কাটি উদ্বোধনী কৰে।

কিন্তু পাৰ্থক্য এয়াই যে আমি কথা দি কথা ৰাখো। আমি নতুন কৰ্ম সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছো।

নৰেন্দ্ৰ মোডী (২০১৪)

দিল্লীলৈ অহা মোৰ বহুদিন হোৱা নাই, কিন্তু মই আপোনালোকক আশ্বাস কৰিছো যে কেন্দ্ৰত থকা প্ৰতিগৰাকী ব্যক্তি অতি সক্ষম, পিয়নৰ পৰা আৰম্ভ কৰি কেবিনেট সচিবলৈকে সকলো পাৰদৰ্শী, সকলোৰে অভিজ্ঞতা আছে।

নৰেন্দ্ৰ মোডী (২০১৮)

আজি দেশখনে সততাৰ উৎসৱ উদযাপনৰ দিশে আগবাঢ়িছে। ২০১৩ চনলৈকে অৰ্থাৎ যোৱা ৭০ বছৰ ধৰি ৪ কোটি লোকে প্ৰত্যক্ষ কৰ পৰিশোধ কৰি আছিল।

বিশ্লেষণ-

• নেহৰুৱে খাদ্যৰ অভাৱৰ সমস্যাটো উত্থাপন কৰিছিল যদিও সমাধানৰ বাবে কোনো দায়িত্ব লোৱা নাছিল। এই ক্ষেত্ৰত তেওঁ আঁচনি ৰূপায়ণ কৰি ভাষনত কয় যে, চৰকাৰ সদায় লেহেমীয়া সেয়ে নাগৰিকে দায়িত্ব ল’ব লাগে।

• ইন্দিৰা গান্ধীয়ে নিয়োগ কাৰ্যসূচীৰ কথা কৈছিল যদিও জনসাধাৰণৰ সৈতে সবিশেষ ভাগ কৰাটো অগুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল। লগতে জমা ৰোধৰ দায়িত্বও তেওঁ জনসাধাৰণৰ ওপৰত জাপি দিছিল।

• মনমোহন সিঙে তেওঁৰ শাসন কালত সংঘটিত হোৱা দুৰ্নীতিৰ জবাবদিহিতাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল। 

৭. গণতন্ত্ৰ আৰু ভোট বেংকৰ ৰাজনীতিৰ ওপৰত মতামতঃ

নৰেন্দ্ৰ মোডী (২০১৭)

নতুন ভাৰতৰ আটাইতকৈ ডাঙৰ শক্তি হৈছে গণতন্ত্ৰ। কিন্তু আমি আমাৰ গণতন্ত্ৰক কেৱল বেলট বাকচতে সীমাবদ্ধ কৰি ৰাখিছো। অৱশ্যে গণতন্ত্ৰ কেৱল বেলট বাকচতে সীমাবদ্ধ থাকিব নোৱাৰে। গতিকে আমাৰ সংকল্প হৈছে যে নতুন ভাৰতত জনসাধাৰণ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত নহয়, কিন্তু ব্যৱস্থাটো জনসাধাৰণৰ দ্বাৰা পৰিচালিত হয়। এনে গণতন্ত্ৰ নতুন ভাৰতৰ পৰিচয় হ’ব লাগে আৰু আমি এই দিশত আগবাঢ়িব বিচাৰো।

নৰেন্দ্ৰ মোডী (২০২৫)

জৰুৰীকালীন সময়ত গণতন্ত্ৰ কেনেকৈ বিপন্ন হৈছিল সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে কয় আৰু এই কথা আগন্তুক প্ৰজন্মই মনত ৰখা উচিত।

বিশ্লেষণ-

• ইন্দিৰা গান্ধীয়ে বিশ্বাস কৰিছিল যে জৰুৰীকালীন অৱস্থা গণতন্ত্ৰত সোমাই পৰা ‘ৰোগ’ৰ ঔষধ। আচলতে তেওঁ ইয়াক দেশৰ বাবে ইতিবাচক বুলি গণ্য কৰিছিল।

• ৰাজীৱ গান্ধীয়ে মুক্ত সংবাদ মাধ্যমৰ কথা কৈছিল, কিন্তু সংবিধান আৰু প্ৰতিষ্ঠানৰ বিৰুদ্ধে সংবাদ মাধ্যমে কাম কৰা বুলিও ইংগিত দিছিল। আনকি তেওঁ সংবাদ মাধ্যমৰ বিৰুদ্ধে বিতৰ্কিত আইন আনিবলৈও চেষ্টা কৰিছিল।

• পিভি নৰসিংহ ৰাও আৰু মনমোহন সিঙে স্পষ্টভাৱে কেৱল ভোট বেংকলৈ চাই তুষ্টিকৰণত লিপ্ত হৈছিল। ভোট বেংকৰ ৰাজনীতি গণতন্ত্ৰৰ অন্যতম ডাঙৰ ভাবুকি।

• ধৰ্মনিৰপেক্ষ গণতন্ত্ৰত সকলোকে সমান ব্যৱহাৰ কৰা উচিত হোৱাৰ পিছতো কিছুমান ধৰ্মৰ লোকৰ বাবে বিশেষ ব্যৱস্থা আৰু কাৰ্যসূচীত কোনো দোষ নাই বুলি মনমোহন সিঙে দৃঢ়তাৰে কৈছিল।

৮.পূৰ্বসূৰীৰ প্ৰতি থকা মনোভাৱঃ

নৰেন্দ্ৰ মোডী (২০১৪)

স্বাধীনতাৰ পিছত আজি আমি ইয়াত যদি উপস্থিত হ’বলৈ সক্ষম হৈছো, তেন্তে সেয়া সকলো প্ৰধানমন্ত্ৰী, সকলো চৰকাৰ আনকি সকলো ৰাজ্য চৰকাৰৰ অৱদানৰ ফল।

বিশ্লেষণ-

• ৰাজীৱ গান্ধী আৰু মনমোহন সিঙৰ বাবে ভাৰতৰ অৰ্থ আছিল নেহৰু গান্ধী পৰিয়াল। বাকী সকলো প্ৰধানমন্ত্ৰী যেন তেওঁলোকৰ চেতনাৰ পৰা মচি পেলোৱা হৈছিল।

• মনমোহন সিঙে গান্ধী পৰিয়ালৰ প্ৰতিটো কথাত সমৰ্থন জনোৱা লগতে তেওঁ নিজৰ দলৰ নেত্ৰী ছোনিয়া গান্ধীক ‘আমাৰ নেত্ৰী ছোনিয়া গান্ধী’ বুলি উল্লেখ কৰিছিল ! চৰকাৰৰ কোনো পদত অধিষ্ঠিত নোহোৱা ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ ভাষণত কিদৰে স্থান পাইছিল?

• ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডী আৰু অটল বিহাৰী বাজপেয়ীয়ে দেশৰ সকলো কৃৃতিত্বৰ বাবে পূৰ্বসূৰীক স্বীকৃতি দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা নাই।

• পূৰ্বৰ চৰকাৰক বেছিকৈ সমালোচনা নকৰাকৈ প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰিছে যে ভাৰত কেনেকৈ ছেমি কণ্ডাক্টৰৰ দৰে এক গুৰুত্বপূৰ্ণ দৌৰত পৰাস্ত হৈছিল।

নৰেন্দ্ৰ মোডী