/asomiyapratidin/media/media_files/2025/02/05/U0TsjC1Tr8OWworQueoT.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা পৌৰসভাৰ অন্তৰ্গত ৰাজপথত যানবাহনৰ চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত কেতবোৰ নতুন নিয়ম নিৰ্ধাৰণ কৰা হৈছে । ঢকুৱাখনা পৌৰ সভাৰ সদৰত ব্যক্তিগত আৰু ব্যৱসায়িক যানবাহনৰ লগতে ই ৰিক্সা , অট' , দুচকীয়া বাহনৰ চলাচল আৰু পাৰ্কিংৰ ক্ষেত্ৰত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ এইসমূহ নীতি নিয়ম বান্ধি দিয়া হৈছে।
ঢকুৱাখনা পৌৰ সভাৰ এক কাৰ্য্যালয় স্মাৰক অনুসৰি নাগৰিকৰ ব্যক্তিগত চাৰিচকীয়া যান বাহন সমূহ নৱনির্মিত দিবা নৈশ বাছ আস্থানৰ পৰা বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখ, ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ, ষ্টেট বেংকৰ প্ৰৱেশ পথৰ ৰাজপথৰ দাঁতিত, হেমদাস মাৰ্কেটৰ সমীপৰ ৰাজপথৰ দাঁতি, মা হোটেলৰ সন্মুখৰ লগতে প্ৰেছ গীল্ডৰ সম্মুখ আদি স্থানত পাৰ্কিংৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
তেনেদৰে টেম্পু আৰু মেজিকৰ বাবে ঢকুৱাখনা ৰাজহুৱা খেলপথাৰৰ সন্মুখৰ লগতে জৈন মন্দিৰৰ ৰাস্তা আৰু নৱনির্মিত দিবা নৈশ বাছ আস্থান নিৰ্ধাৰণ কৰা হৈছে। ব্যৱসায়িক ভিত্তিত বাহন সমূহ বন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত পাৰ্কিং কৰাৰ ব্যৱস্থা কৰা হৈছে।
দুচকীয়া বাহন সমূহ হোমেন বৰগোহাঞি ন্যাসৰ পৰা দৈনিক বজাৰৰ প্ৰৱেশ পথলৈকে ৰাস্তাৰ দাঁতিত, মা হোটেলৰ সন্মুখত, ট্ৰেফিক পইণ্টৰ পৰা ষ্টেট বেংকৰ প্ৰৱেশ পথলৈ ৰাজপথৰ দাঁতিত, পুৰণি চিকিৎসালয় সন্মুখৰ খালি স্থান ,মূল চাৰিআলিৰ ফাষ্ট ফুডৰ দোকানৰ সন্মুখৰ লগতে গগৈ ব্ৰাদাচৰ সন্মুখৰ পৰা পকী পদ পথৰ দাঁতিত পাৰ্কিংৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
ইপিনে জে বি এণ্টাৰপ্ৰাইজ অৰ্থাৎ বিনোদ গুপ্তাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বৰুৱা মাৰ্কেট পৰ্যন্ত, ঢকুৱাখনা সদৰ থানাৰ সমীপত, হোমেন বৰগোহাঞি ন্যাসৰ পৰা চাৰিকড়িয়া দলঙৰ পাৰলৈ, বিপৰীত দিশৰ পৰা ৰাজহুৱা বাছ আস্থানলৈ, গান্ধী পার্কৰ সন্মুখৰ পৰা ঢকুৱাখনা সদৰ থানাৰ সন্মুখৰ মাছখোৱা পথলৈ এই সমূহ স্থানত যিকোনো বাহনৰ পাৰ্কিং নিষিদ্ধ ঘোষণা কৰা হৈছে।
তেনেদৰে দিবা নৈশ বাছৰ পাৰ্কিংৰ বাবে অতিৰিক্ত আৱৰ্ত ভৱনৰ সন্মুখত নিৰ্মিত স্থান নিৰ্ধাৰণ কৰা হৈছে।
ইপিনে পৌৰ সভাৰ এলেকাৰ ৰাজপথত চলাচল কৰা সকলো ই ৰিক্সাৰ চলাচলতো নতুন পথ নিৰ্দেশনা দিয়া হৈছে। লগতে পঞ্জীয়ন বাধ্যতামূলক কৰি অদ্যপি পৌৰ সভাত পঞ্জীয়ন নকৰা ই ৰিক্সা সমূহ অহা ৭ ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্জীয়ন কৰাৰ অন্তিম সময় সীমা বান্ধি দিয়া হৈছে।
অন্যথাই এনে পঞ্জীয়ন বিহীন ই ৰিক্সাৰ চলাচল নিষিদ্ধ কৰা হব বুলি প্ৰকাশ কৰা হৈছে। ঢকুৱাখনা পৌৰ এলেকাত উদ্ভৱ হোৱা যানজঁট আঁতৰাই সুশৃঙ্খলিত ভাবে গঢ় দিয়াৰ লক্ষ্য আৰু সাধাৰণ নাগৰিকৰ প্ৰতি নিৰাপদ যাতায়ত নিশ্চিত কৰাৰ উদ্দেশ্যেৰে পৌৰ সভাই গ্ৰহণ কৰা এই জনস্বাৰ্থজনীত সিদ্ধান্ত মানি চলাৰ আহ্বান জনোৱা হৈছে।
ইয়াৰ বিপৰীতে যদি কোনোৱে নিৰ্ধাৰিত স্থানত পাৰ্কিং নকৰি পৌৰ সভাই বান্ধি দিয়া পাৰ্কিং নিয়ম উলংঘা কৰে তেন্তে এনে ব্যক্তিৰ বিৰুদ্ধে যান বাহন আইনৰ আধাৰত জৰিমনা বিহিবলৈ ঢকুৱাখনা আৰক্ষীক আহ্বান জনোৱা হৈছে। ঢকুৱাখনা সদৰ আৰক্ষীয়ে যান বাহনৰ গৰাকী সকলক এনেবোৰ নীতি নিৰ্দেশনা মানি ঢকুৱাখনাক শৃঙ্খলিত আৰু পৰিশীলিত হিচাবে গঢ় দিয়াৰ আহ্বান জনাইছে।