ঢকুৱাখনা-ঘিলামৰা ব্লকত নতুন পঞ্চায়তৰ অন্তৰ্ভুক্তি...

ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডত নতুন গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্তিৰে ইয়াৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে।নতুনকৈ সংযুক্ত হৈছে সোনাৰী চাপৰি, কেঁকুৰী গাঁও পঞ্চায়ত। 

author-image
Tushar Pratim
New Update
ঢকুৱাখনা-ঘিলামৰা ব্লকত নতুন পঞ্চায়তৰ অন্তৰ্ভুক্তি...

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডত নতুন গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্তিৰে উন্নয়নখণ্ড দুটাৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে। সংগৃহীত তথ্য মতে ঢকুৱাখনা উন্নয়ন খণ্ডত নতুনকৈ সংযুক্ত হৈছে সোনাৰী চাপৰি গাঁও পঞ্চায়ত আৰু কেঁকুৰী গাঁও পঞ্চায়ত। 

Advertisment

পূৰ্বে এই দুই পঞ্চায়ত ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত হৈ আছিল। তেনেদৰে ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধেনুখণা বাটমাৰী আৰু গন্ধিয়া পঞ্চায়ত দুখন ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত কৰাৰ সমান্তৰালভাৱে বগীনদী উন্নয়ন খণ্ডৰ চাউলধুৱা পঞ্চায়তখন নতুনকৈ ঘিলামৰা উন্নয়ন খণ্ডত অন্তৰ্ভুক্ত কৰা হৈছে। 

তদ্ৰুপভাবে ঘিলামৰা উন্নয়ন খণ্ডৰ সোৱণশিৰী পঞ্চায়তখন অন্তৰ্ভুক্ত কৰা হৈছে নাওবৈছা উন্নয়ন খণ্ডত। সমজিলাখনৰ উন্নয়ন খণ্ড দুটাৰ এনে সীমা পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পৰৱৰ্তী সময়ত পঞ্চায়তসমূহত কৰ্মৰত চৰকাৰী আৰু অস্থায়ী কৰ্মচাৰীসকলৰ উন্নয়নখণ্ড, কৰ্মথলী সালসলনি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। 

ইপিনে এই কাৰ্য্যালয় সলনি প্ৰক্ৰিয়াই একাংশ কৰ্মচাৰীৰ চকী সলাই দিয়াকলৈ এনেবোৰ কৰ্মচাৰীৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে। এইসকল কৰ্মচাৰী এতিয়া তৎপৰ হৈ পৰিছে সমজিলা আয়ুক্ত, তথাকথিত গেৰুৱা নেতা আৰু বিধায়কৰ হস্তক্ষেপৰ জৰিয়তে পূৰ্বৰ পদত কাৰ্যনিৰ্বাহ কৰি যোৱাৰ পথ প্ৰশস্ত কৰাত।

উল্লেখযোগ্য যে এই নতুন সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে নতুনকৈ অন্তৰ্ভুক্ত পঞ্চায়তসমূহৰ জনসাধাৰণ মুখ্য কাৰ্যালয় দুটাৰ সৈতে সম্পৰ্ক ৰখাত অহেতুক সময় আৰু ধনৰ অপচয়ৰ পৰা পৰিত্ৰাণ পোৱাৰ সম্ভাৱনা আছে। 

ঢকুৱাখনা ঘিলামৰা পঞ্চায়ত