ডিজিটেল সংবাদ,গুৱাহাটীঃ "আজি মন্ত্ৰিত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়কেই দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী নেতা" এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। সম্প্ৰসাৰিত অসম মন্ত্রীসভাত চাৰিগৰাকী বিধায়কৰ অন্তৰ্ভুক্তি সন্দৰ্ভত সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে কৌশিক ৰায় দলৰ এগৰাকী অত্যন্ত জ্যেষ্ঠ ব্যক্তি। কৃষ্ণেন্দু পাল দুবাৰৰ বিধায়ক। তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখন যদি চোৱা যায়, তেওঁ সৰুৰ পৰাই দলটোৰ লগত জড়িত। প্ৰশান্ত ফুকন চাৰিবাৰ বিধায়ক, গতিকে ইয়াত নতুন কোনো নাই। তেওঁলোকৰ সহযোগত অসম মন্ত্ৰীসভাই যথেষ্ট কাম কৰিবলৈ সক্ষম হ'ব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ় মত পোষণ কৰে।
উল্লেখ্য যে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায়। এই শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে।
ইপিনে, শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো সম্প্ৰসাৰিত মন্ত্ৰীসভাখনক লৈ সাংবাদিকৰ আগত উৎসাহেৰে মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মন্ত্ৰীসভাখনৰ এটা কলেবৰ বৃদ্ধি হ’ল। ইয়াৰ লগে লগে মন্ত্ৰীসভাখনৰ আৰু কৰ্মদক্ষতা বৃদ্ধি হ’ল। যোৱা চাৰে তিনিটা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ৰাইজক আমাৰ চৰকাৰখনে বহুখিনি দিয়াৰ চেষ্টা কৰিছে, এতিয়া আৰু চাৰিজন সহযোগীৰে আৰু কৰ্মদক্ষতাৰে কাম কৰিব পাৰিম। সকলোৱে আনন্দ লাভ কৰিছে। এই মন্ত্ৰীসভাখনক লৈ সকলো অত্যন্ত আগ্ৰহী, উৎসাহী বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভৱিষ্যতৰ দিনত আৰু কাম হ’ব বুলি তেওঁ মন্তব্য কৰে।