নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি...

author-image
Asomiya Pratidin
New Update
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি...

নিউ গুৱাহাটী আঞ্চলিক সাাৰ্বজনীন পূজা সমিতি

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি শনিবাৰেে সুধাকণ্ঠ, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ বাৰ্ষিক মৃত্যু দিৱস উদযাপন কৰা হৈছে। সকলোৱে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাক জনাইছে শ্ৰদ্ধাঞ্জলি। ইফালে, নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ উদ্যোগতো বিগত বছৰসমূহৰ দৰে এইবাৰো সুধাকণ্ঠগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়।

Advertisment

অনুষ্ঠানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ উপৰিও সদ্য প্ৰয়াত অসমৰ চলচ্চিত্ৰ জগতৰ মহাতাৰকা নিপন গোস্বামী, চিত্ৰশিল্পী নীলপৱন বৰুৱা, অভিনেতা ভোলা কটকীকে ধৰি সদ্য প্ৰয়াত শিল্পী, সাংস্কৃতিক কৰ্মীক সোঁৱৰি চমু বক্তব্য প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত আৰু মইনী শৰ্মাই।

সমিতিৰ সাধাৰণ সম্পাদক স্যামন্ত দাসে আঁতধৰা অনুষ্ঠানটোত মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই কন কন শিশু শিল্পীৰ পৰা জ্যেষ্ঠ শিল্পীলৈ বহুজনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰাৰ লগতে তেওঁৰ গীতত নৃত্য প্ৰদৰ্শনো কৰে।

DR BHUPEN HAZARIKA assam guwahati