চলিত বৰ্ষৰ মে’ত দেশত নতুন কোম্পানীৰ পঞ্জীয়নৰ হাৰ ২৯ শতাংশ বৃদ্ধি

দেশত বৃদ্ধি পাইছে নতুন নতুন কোম্পানীসমূহৰ পঞ্জীয়নৰ হাৰ। এই সন্দৰ্ভত দেশৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ যুগুত কৰিছে এক প্ৰতিবেদন। 

author-image
Asomiya Pratidin
New Update
gxikgul

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি পাইছে নতুন নতুন কোম্পানীসমূহৰ পঞ্জীয়নৰ হাৰ। এই সন্দৰ্ভত দেশৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ যুগুত কৰিছে এক প্ৰতিবেদন। 

Advertisment

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চলিত বৰ্ষৰ মে’ত ভাৰতত নতুন কোম্পানীৰ পঞ্জীয়নৰ হাৰ ২৯ %লৈ বৃদ্ধি পাইছে। এতিয়ালৈকে মুঠ ২০,৭১৮টা সক্ৰিয় কোম্পানীয়ে পঞ্জীয়ন কৰিছে। 

মন্ত্ৰালয়ৰ শেহতীয়া তথ্যত উল্লেখ কৰা হৈছে এই বৃদ্ধিৰ হাৰে দেশৰ অৰ্থনৈতিক অৱস্থালৈ সেউজ সংকেত কঢ়িয়াই আনিছে। তাৰোপৰি চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা অৰ্থনৈতিক কাৰ্যকলাপত শক্তিশালী গতিৰ সংকেত প্ৰদান কৰিছে। 

উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহৰ তুলনাত চলিত বৰ্ষত ১০%লৈ বৃদ্ধি পাইছে পঞ্জীয়নৰ হাৰ। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে, নতুন পঞ্জীয়ন লাভ কৰা শীৰ্ষ তিনিখন ৰাজ্য হৈছে মহাৰাষ্ট্ৰ (১৭%), উত্তৰ প্ৰদেশ (১১%) আৰু দিল্লী ৯%।

কোম্পানী