হোৱাটছএপৰ দৰে ফেচবুকতো ‘ডিলিট ফৰ এভৰিওৱান’, ১০ মিনিটৰ ভিতৰত কৰিব পাৰিব মেছেজ ডিলিট

হোৱাটছএপৰ দৰে ফেচবুকতো ‘ডিলিট ফৰ এভৰিওৱান’, ১০ মিনিটৰ ভিতৰত কৰিব পাৰিব মেছেজ ডিলিট

author-image
asomiyapratidin
New Update
হোৱাটছএপৰ দৰে ফেচবুকতো ‘ডিলিট ফৰ এভৰিওৱান’, ১০ মিনিটৰ ভিতৰত কৰিব পাৰিব মেছেজ ডিলিট

ডিজিটেল ডেস্কঃ আপুনি কেতিয়াবা ফেচবুকৰ জৰিয়তে কাৰোবালৈ ভুল মেছেজ প্ৰেৰণ কৰিছে নেকি? আৰু পিছতে আপুনি যেতিয়া গম পাইছে মেছেজটো ভুল হৈছে, তেতিয়া আপুনি সেইটো ডিলিট কৰিব বিচাৰিছে নেকি? কিন্তু আপুনি মেছেজটো ডিলিট কৰিব বিচাৰিও কৰিব পৰা নাই৷ কাৰণ হোৱাটছএপৰ 'ডিলিট ফৰ এভৰিওৱান'ৰ দৰে ফেচবুকত আপুনি সেই অপশ্যনটো লাভ কৰা নাই৷

Advertisment

কিন্তু এতিয়া আপোনাৰ বাবে সুখবৰ৷ শীঘ্ৰেই আপুনি ফেচবুকৰ জৰিয়তে কাৰোবলৈ প্ৰেৰণ কৰা ভুল মেছেজ, ফটো বা অন্য কোনো তথ্য ডিলিট কৰিবলৈ সক্ষম হ'ব৷ ছ'চিয়েল নেটৱৰ্কিং চাইট ফেচবুকে তেওঁলোকৰ ব্যৱহাৰকাৰীসকলৰ বাবে লৈ আহিছে এই বিশেষ ফীচাৰ৷ অৱশ্যে এই মেছেজ ডিলিট কৰাৰ সময়সীমা ১০ মিনিট হ'ব৷ অৰ্থাৎ ব্যৱহাৰকাৰীয়ে কোনো এটা মেছেজ প্ৰেৰণ কৰাৰ ১০ মিনিটৰ ভিতৰতহে কৰিব পাৰিব ডিলিট৷

ফেচবুকে সদৰী কৰা মতে এই নতুন ফীচাৰটো প্ৰথমে আই ও এছ মেছেঞ্জাৰৰ ১৯১.০ ভাৰ্ছনত উপলব্ধ হ'ব যদিও শীঘ্ৰেই অন্য ভাৰ্ছন সমূহতো এই ফীচাৰটো উপলব্ধ কৰাব ফেচবুকে৷

অক্টোবৰ মাহতে এই ফীচাৰটোৰ সম্পৰ্কে ফেচবুকৰ জেন মনছুং বোংগ নামৰ এগৰাকী অভিযন্তাই টুইট কৰিছিল যদিও শেহতীয়াকৈ নৱেম্বৰ মাহত ইয়াৰ উপলব্ধতাৰ কথা সদৰী কৰা হৈছে৷ উল্লেখ্য যে, ডাটা ফাদিল, হেকিং প্ৰব্লেমৰ মাজতে ফেচবুকে প্ৰদান কৰিবলৈ ওলোৱা এই ফীচাৰটোৱে ফেচবুক ব্যৱহাৰীক বিভিন্ন প্ৰকাৰে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে ফেচবুক কৰ্তৃপক্ষই৷