/asomiyapratidin/media/media_files/2025/02/16/U23FrVdM6c1v50Dbdmy6.jpg)
ডাঙৰ ঘটনা
ডিজিটেল ডেস্কঃ মহাকুম্ভ মেলালৈ দেশৰ লগতে বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা কোটি কোটি ভক্তৰ সমাগম হৈছে। উত্তৰ প্ৰদেশৰ লগতে ইয়াৰ কাষৰীয়া ৰাজ্যত পৰিস্থিতি প্ৰায় প্ৰশাসন তথা চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত বুলি বিভিন্ন সংবাদমাধ্যমত খবৰ প্ৰকাশ পাইছে। এনে সময়তে দেওবাৰে মাজনিশা সংঘটিত হ'ল এক ভয়ংকৰ অঘটন।
মাজ নিশা প্ৰায় ১২.৩০বজাত দিল্লী ৰেলৱে ষ্টেচনত হোৱা ভয়ংকৰ হেচাঁ-ঠেলাত প্ৰাণ গল ১৫গৰাকীকৈ লোকৰ। মৃত্যু হোৱা ১৫গৰাকী লোকৰ ভিতৰত ৩টি শিশুও আছে বুলি প্ৰশাসনে সদৰি কৰিছে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
দিল্লী ৰেলৱে ষ্টেচনৰ ১৫ আৰু ১৬নং প্লেটফৰ্মত এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি সদৰি কৰিছে প্ৰশাসনে। দিল্লীৰ এল এন জি পি হস্পাতালত ভৰ্তি হৈ থকা প্ৰায় ২০গৰাকী লোকৰ অৱস্থা যথেষ্ট অৱনতি ঘটিছে বুলি সদৰি কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। এতিয়াও প্ৰায় অৰ্ধ শতাধিক লোকৰ চিকিৎসা চলি আছে চিকিৎসালয়ত।
এই সমগ্ৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে। ইফালে এল এন জি পি হস্পাতালত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত উপস্থিত হৈছেগৈ দিল্লীৰ ৰাজ্যপাল। ৰে'লৱে বিভাগে সদৰি কৰিছে যে, এতিয়া ষ্টেচনৰ ভিতৰত এন ডি আৰ এফ কেইবাটাও দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে।
এই শোকাৱহ ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাত শোক প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই চৰকাৰক ব্যৱস্থাপনাক লৈ দোষাৰূপ কৰিছে। ইফালে ৰে'লৱে বিভাগেও যাত্ৰীসকলৰ এই অৱস্থা দেখি ঘোষণা কৰিছে যে, সকলো ট্ৰেইন সময়মতেই চলিব। গতিকে যাত্ৰীসকলে কোনো হেচাঁ-ঠেলা কৰাৰ প্ৰয়োজন নাই।
উক্ত ঘটনাক লৈ নিশাই সামাজিক মাধ্যমযোগে শোক ব্যক্ত কৰিছে যোগী আদিত্যনাথেও।