/asomiyapratidin/media/media_files/2025/02/16/Zx7wX6r8xcoE04if00gv.jpg)
দিল্লী ট্ৰেজেডী
ডিজিটেল ডেস্কঃ যোৱা দেওবাৰে মাজনিশা দিল্লী ৰেল ষ্টেচনত সংঘটিত হোৱা ভয়ংকৰ হেচাঁ-ঠেলাত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৮গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৩গৰাকী শিশু আছে বুলি ৰাজহুৱা কৰিছে প্ৰশাসনে।
দিল্লী ৰেলৱে ষ্টেচনৰ ১৩ আৰু ১৪নং প্লেটফৰ্মত হোৱা এই শোকাৱহ ঘটনাক ১০গৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হৈ ভৰ্তি হৈ আছে দিল্লীত এল এন জি পি হস্পাতালত। উল্লেখ্য যে, ১৫-২০ মিনিটৰ ভিতৰতে সংঘটিত হৈছিল এই শোকাৱহ ঘটনা। জানিব পৰা অনুসৰি প্ৰয়াগৰাজ অভিমুখী ৰে’লত উঠিবলৈ লাগিছিল যাত্ৰীৰ হেতাওপৰা লাগিছিল।
উক্ত ঘটনাক লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিশাই ফোনযোগে দিল্লী ৰাজ্যপাললৈ ফোন কৰি পৰিস্থিতিৰ বুজ লয়। একাংশ যাত্ৰীয়ে সদৰি কৰা অনুসৰি, দুখন ৰে’ল বিলম্ব হোৱাৰ পিছতে ১৩ আৰু ১৪নং প্লেটফ’ৰ্মত অনিয়ন্ত্ৰিত হৈ পৰিছিল যাত্ৰীৰ ভিৰ। আৰু তাৰ পিছতে এই শোকাৱহ ঘটনা সংঘটিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us