/asomiyapratidin/media/media_files/2025/01/31/PSdm7PyyvGPANUsfAM4z.jpg)
new-delhi-city-ncr-aap-mla-exodus-continues-giriraj-soni-resigns
ডিজিটেল ডেস্কঃ দিল্লী নিৰ্বাচনৰ পূৰ্বেই কেজৰিৱাল নেতৃত্বধীন আপত মোক্ষম আঘাত। টিকট নোপোৱাৰ দুখত শুকুৰবাৰে পুৱাৰে পৰা এজন পাছত আনজন বিধায়কে সংগ এৰিলে কেজৰিৱালৰ। নিশা ১০বজালকৈ আপৰ ৮গৰাকী বৰ্তমানৰ বিধায়কে এৰিলে দল।
আপ পদত্যাগ কৰা এই ৮গৰাকী বিধায়কে এইবাৰৰ নিৰ্বাচনত লাভ কৰা নাছিল টিকট। আটাইকেইগৰাকী বিধায়কে কেজৰিৱালৰ ওপৰত দুৰ্নীতিৰ অভিযোগ তুলি এৰিছে আম আদমী পাৰ্টি। দলৰ এৰা বিধায়কসকল হৈছে- পালম বিধানসভা সমষ্টিৰ ভাৱনা গৌৰ, বিজৱাছন সমষ্টিৰ বি এছ জুন, আদৰ্শ নগৰ সমষ্টিৰ পৱন শৰ্মা, কস্তুৰবা নগৰৰ মদনলাল, জনকপুৰীৰ ৰাজেশ ঋষি, তিলপুৰী সমষ্টিৰ ৰোহিত মহৰৌলিয়া আৰু মহৰোলী সমষ্টিৰ নৰেশ যাদৱ।
ইতিমধ্যে এই ৮গৰাকী বিধায়কে কেজৰিৱাললৈ আনুষ্ঠানিক পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। আপে এই ৮গৰাকী বিধায়কৰ পদত্যাগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, আম আদমী পাৰ্টি ব্যাপক ৰূপত সকলোৰে পছন্দৰ এটা দল। ইয়াত এজনকৈ আনজন যোগ্য আৰু সুৰক্ষিত প্ৰাৰ্থী আছে। যিসকল বিধায়কে পদত্যাগ কৰিছে তেওঁলোকে এইবাৰ টিকট নোপোৱাত অসন্তুষ্টি ব্যক্ত কৰি পদত্যাগ কৰিছে।