/asomiyapratidin/media/media_files/2024/12/10/iTTCLOntVeJ9UyG1jlWf.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ লখিমপুৰ জিলাই পালে নতুন জিলা আয়ুক্ত । অসম অসামৰিক সেৱাৰ বিষয়া প্ৰণৱজিৎ কাকতিক নতুন জিলা আয়ুক্ত হিচাবে নিযুক্তি দিয়া হৈছে । ৰাজ্য চৰকাৰৰ ইচিএফ/৪৭২৭৪৬/৪৬ চি নং নিৰ্দেশনা যোগে বৰ্তমানৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসৰ স্থানত কাকতিক নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে পূৰ্বৰ জিলা আয়ুক্ত লাচিত কুমাৰ দাসক ৰাজহ বিভাগৰ যুটীয়া সচিব হিচাবে বদলি কৰি মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ যুটীয়া সচিব প্ৰণৱজিৎ কাকতিক লখিমপুৰৰ নতুন জিলা আয়ুক্ত হিচাবে ৯ ডিচেম্বৰত জাৰি হোৱা এক নিৰ্দেশনা যোগে নিযুক্তি দিয়া হৈছে ।
জিলা আয়ুক্ত লাচিত কুমাৰ দাসে যোৱা পহিলা ছেপ্টেম্বৰত লখিমপুৰ জিলা আয়ুক্ত হিচাবে যোগদান কৰিছিল । মাত্ৰ ৪ টা মাহৰ ভিতৰতে জিলা আয়ুক্ত গৰাকী বদলি হোৱা কাৰ্যই জিলাখনত বিশেষ চর্চা লাভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us