ডিজিটেল সংবাদ,মঙলদৈঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন (আপকু)ৰ দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা শনিবাৰে দৰঙী কলাকৃষ্টি উন্নয়ন সংঘত অনুষ্ঠিত হৈ যায়। জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদৰ সভাপতিত্বত হোৱা এই সভাত উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক পংকজ কুমাৰ শৰ্মাই।
সভাত আপকুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আব্দুল খালেক, সম্পাদক ৰত্নেশ্বৰ চহৰীয়া উপস্থিত থাকে। মুখ্য উপদেষ্টা আব্দুল খালেকে তেওঁৰ ভাষণত আপকুৱে দীৰ্ঘদিন ধৰি সাংবাদিকসকলৰ কল্যাণৰ বাবে কৰি অহা কামবোৰৰ বিষয়ে বিস্তৃতভাবে কয়। তেওঁ সাংবাদিকসকল যে শোষণ আৰু বঞ্চনাৰ বলি হৈ আহিছে সেই বিষয়েও উল্লেখ কৰে।
সভাত পুৰণি সমিতিখন ভংগ কৰি আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে পুনৰবাৰ বাবুল মকছেদ আহমেদক সভাপতি, কণ আলি হাজৰিকাক কাৰ্যকৰী সভাপতি আৰু পংকজ কুমাৰ শৰ্মাক সম্পাদক হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰাৰ লগতে নৱজিৎ শৰ্মা আৰু দিপেন ডেকাক উপ-সভাপতি, মনোজ আলি আৰু পংকজ সৰকাৰক সহকাৰী সম্পাদক, মৃদুল হাজৰিকাক পত্ৰিকা সম্পাদক হিচাপে মনোনীত কৰে।
এই সভাতেই আব্দুল খালেক আৰু ৰত্নেশ্বৰ চহৰীয়াক ৰাজ্যিক প্ৰতিনিধি হিচাপে সভাই নিৰ্বাচন কৰে। আনহাতে নৱগঠিত দৰং জিলা সমিতিখনত আব্দুল খালেক, ৰত্নেশ্বৰ চহৰীয়া, নৱ কুমাৰ শইকীয়া, মদন বৰুৱাক উপদেষ্টা হিচাপে সভাই মনোনীত কৰে। আজিৰ সভাই সাংবাদিকৰ কল্যাণৰ বাবে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।