চিকিৎসালয়লৈ যাবলৈ নাই কোনো পথ,  বাটতেই মৃত্যু সদ্যপ্ৰসৱজাত শিশুৰ…

চিকিৎসালয়লৈ যাবলৈ নাই কোনো পথ,  বাটতেই মৃত্যু সদ্যপ্ৰসৱজাত শিশুৰ…

author-image
asomiyapratidin
New Update
চিকিৎসালয়লৈ যাবলৈ নাই কোনো পথ,  বাটতেই মৃত্যু সদ্যপ্ৰসৱজাত শিশুৰ…

ডিজিটেল ডেস্ক : স্বাধীনতাৰ অমৃত মহোৎসৱৰ উলহ মালহ মাৰ নাযাওতেই মহাৰাষ্ট্ৰত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনা । চিকিৎসালয়লৈ যাবলৈ সুচল বাট নথকাৰ ফলত প্ৰায় ৩ কিলোমিটাৰ পাহাৰীয়া তথা পিছল দুৰ্গম পথ সদ্য প্ৰসৱজাত দুটি যমজ সন্তানৰ সৈতে মাতৃগৰাকীক কঢ়িয়াই নিব লগীয়া হয় যদিও অধিক ৰক্তক্ষৰণৰ বাবে চিকিৎসালয় গৈ পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি  লয় শিশু দুটিয়ে ।

Advertisment

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখাদা সমষ্টিৰ বন্দনা বুধাৰ নামৰ মহিলাগৰাকীৰ ঔসৰত  নিজা বাসগৃহতেই জন্ম হৈছিল শিশুদুটিৰ । জন্মৰ পাছতেই শিশুদুটিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পৰিয়ালৰ লোকে মাতৃগৰাকী আৰু শিশুদুটিক ঘৰতেই নিৰ্মাণ কৰা চাঙীত  তুলি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও পথতেই মৃত্যুবৰণ কৰে যমজ সন্তানদুটিয়ে ।

উল্লেখ্য যে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে গৰ্ভৱতী মহিলা, মাতৃ আৰু শিশুৰ হকে নানান  আচনি হাতত লৈছে তেনে সময়তে চিকিৎসাৰ অভাৱত হোৱা এই মৃত্যুৰ বাবে জগৰীয়া কোন ? এনে হৃদয় বিদাৰক ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে সমগ্ৰ দেশত ।

আৰু পঢ়ক : বোকাখাত জেডিএছজি মহাবিদ্যালয়ত 'ৰূপ-বৰ্ণ-বাক' শীৰ্ষক অনুষ্ঠান…

maharashtra health india