ড০ থুনু কলিতাৰ 'পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ ' গ্ৰন্থ উন্মোচন

 বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড: থুনু কলিতাৰ ' পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
'পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ ' গ্ৰন্থ উন্মোচন

'পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ ' গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ ,নগাঁওঃ বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড: থুনু কলিতাৰ ' পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখন এটি সমবেত সংগীতৰে শুভাৰম্ভ কৰা হয়। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত সভাত তিৱা মাখনলাই তখ্ৰাৰ দ্বাৰা প্ৰকাশিত ,মহেশ্বৰ পাতৰৰ দ্বাৰা তিৱা ভাষালৈ অনুদিত ড: থুনু কলিতাৰ ' পাহাৰীয়া তিৱা সকলৰ বয়নশিল্প আৰু সাজপাৰ' গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই অসমৰ জনজাতীয় লোক সকলৰ কৃষ্টি - সংস্কৃতিৰ কথা উল্লেখ কৰে।

Advertisment

 অসমত বসবাস কৰা জাতি জনগোষ্ঠীৰ চহকী কৃষ্টি - সংস্কৃতিৰ সমাহাৰত অসম বৈচিত্ৰ্যময় হৈ উঠিছে। অসমৰ অন্যতম চহকী সংস্কৃতিৰে পৰিপূৰ্ণ জনগোষ্ঠী হৈছে তিৱা সকল। এই তিৱা সকলৰ পৰম্পৰাগত বয়নশিল্প আৰু সাজপাৰৰ বিষয়ে গ্ৰন্থ ৰচনা কৰি ড: থুনু কলিতাই এক মহৎ কাৰ্য সম্পাদন কৰিছে। আমি সকলোৱে জনগোষ্ঠীয় সাহিত্যৰ ,কৃষ্টি ,সংস্কৃতি আদিৰ বিকাশৰ বাবে কাম কৰিব লাগিব বুলি মন্তব্য কৰি বৰুৱাই কয় বৰ্তমানৰ চৰকাৰে জনগোষ্ঠীয় গীত - মাতৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব প্ৰদান কৰিছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে উল্লেখ কৰি বৰুৱাই কয় বিষ্ণুপ্ৰসাদ ৰাভাই দেখুৱাই যোৱা পথৰে আগুৱাই গলে অসমীয়া জাতি শক্তিশালী হৈ থাকিব। 

অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই সভাখন উদ্ধোধন কৰি কয় যে গ্ৰন্থই মানুহক অনাবিল আনন্দ দিয়ে। তেওঁ লগতে নৱপ্ৰজন্মক সাহিত্য সভাৰ কাম কাজৰ লগত জড়িত হবলৈ আহ্বান জনাই। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁতধৰা সভাত বিশিষ্ট  সাহিত্যিক ড: বিদ্যুত বিকাশ সেনাপতি, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড: চাৰু চহৰীয়া নাথকে আদি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে  ভাষণ প্ৰদান কৰে। সভাত তিৱা সাহিত্য সভাৰ সভাপতি হৰচিং খলাৰ ,সম্পাদক মৃণাল কুমাৰ দেওৰজা , তিৱা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেশ্বৰ পাতৰ, দীপেন্দ্ৰ বৰদলৈ লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মী ,সমিতিৰ লেখিকা আভা বৰা অসম সাহিত্য সভাৰ কুঁহি উপসমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্ত,ৰতিমোহন নাথ ওপৰিও সাহিত্যিক ড:নৰেন কলিতা ,চন্দ্ৰ  মোহন কাকতি ,শিক্ষাবিদ ড : সদানন্দ পায়েং , লিখিকা কাৰুণ্য ভট্টাচাৰ্য, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ হাজৰিকা, নগাঁও জিলা সাহিত্য সভা,তিৱা সাহিত্য সভা, লেখিকা সমাৰোহ সমিতিৰ বিষয়বীয়া, কৰ্মকৰ্তা সকলে অংশগ্ৰহণ কৰে। সভাপতিৰ ভাষণত ড: শৰৎ বৰকটকীয়ে কয় যে ড: থুনু কলিতাৰ গ্ৰন্থত বিজ্ঞান আৰু কলাৰ অপুৰ্ব সমাহাৰ ঘটিছে। সভাত গ্ৰন্থখনৰ লেখিকা ড: কলিতাই নিজৰ অনুভৱ ব্যক্ত কৰে।

অসমীয়া গ্ৰন্থ গ্ৰন্থ