/asomiyapratidin/media/media_files/2025/01/23/HcUwUZVNPeqjikP4NDwe.jpg)
গুৰুকুল নেচনেল স্কুলত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী পালন
ডিজিটেল সংবাদ, চিৰাং : দেশপ্ৰেমৰ বিৰল আৰ্দশৰে দেশবাসীক অনুপ্ৰাণিত কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী অন্যান্য ঠাইৰ লগতে বাসুগাঁও গুৰুকুল নেচনেল স্কুলতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় । আৰম্ভণিতে নেতাজীৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।
বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে স্কুলৰ অধ্যক্ষ বিজিত নাথে । ইয়াৰ অন্তত তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বীৰ-গাথাৰ ওপৰত সাৱলীলভাৱে মনোগ্ৰাহীকৈ বক্তব্য দাঙি ধৰে । অনুষ্ঠিতটিত স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন দেশপ্ৰেমমূলক গীত-,মাত, নৃত্য, কবিতা আবৃত্তিৰে পৰিবেশটি জীপাল কৰি তোলে ।
অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালনা কৰে স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে । ইফালে বাসুগাঁও চহৰৰ আন এখন বিদ্যালয় নেতাজী সুভাষ বিদ্যানিকেতন উচ্চতৰ মাধ্যমিক বিদ্যালয়তো দিৱসটি অনুষ্ঠুপীয়াকৈ পালিত হোৱা বুলি উক্ত বিদ্যালয়ৰ শিক্ষক-শিল্পী, কবি-সাহিত্যিক প্ৰদ্যোৎ গোস্বামীয়ে জানিবলৈ দিয়ে ।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্ত্তিৰ সম্মুখত বন্তি প্ৰজ্বলন, মাল্যৰ্পন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰত বক্তব্য দান আদি কাৰ্যসূচীৰ উপৰি মাৰ্চ-পাচ প্ৰৰ্দশন কৰা হয়। আনপিনে বাসুগাঁও চহৰৰ নেতাজী পাৰ্কত নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে নেতাজী সুভাষ পাৰ্ক পৰিচালনা সমিতিৰ হৈ সুভাষ লোধৰায়, শিবু চন্দ, লক্ষন মজুমদাৰ, মানিক সাহা সহ অন্যান্য নেতৃবৰ্গসকলে ।