চলিত বৰ্ষত ২৩৩ শতাংশলৈ ভাৰতত বৃদ্ধি এছআইপিৰ প্ৰৱাহ....

ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত ভাৰতৰ অৰ্থনীতি স্থিতিস্থাপক হৈ থকাৰ বাবে ভাৰতত এই বছৰ প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা (এছ আই পি) ২৩৩ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত ভাৰতৰ অৰ্থনীতি স্থিতিস্থাপক হৈ থকাৰ বাবে ভাৰতত এই বছৰ প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা (এছ আই পি) ২৩৩ শতাংশ বৃদ্ধি পৰিলক্ষিত হৈছে ।

চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈ এছআইপিৰ সামগ্ৰিকভাৱে নিকা প্ৰবাহ ৯.১৪ লাখ কোটি টকা। যোৱা বৰ্যত ইয়াৰ পৰিমাণ আছিল ২.৭৪ লাখ কোটি টকা ।আইচিআৰএ এনালিটিক্সৰ প্ৰতিবেদন অনুসৰি এই বৃদ্ধি ২৩৩ শতাংশৰ সমান ।

চলিত বৰ্ষৰ নৱেম্বৰ মাহলৈ পঞ্জীয়ন কৰা নতুন এছআইপিৰ সংখ্যা ৪৯.৪৭ লাখলৈ বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ নৱেম্বৰ মাহত ৩০.৮০ লাখ আছিল।তদুপৰি, নৱেম্বৰ মাহত এছআইপিৰ পৰিচালনাৰ অধীনত থকা এছআইপিৰ সম্পত্তি ১৩.৫৪ লাখ কোটি টকাৰ বিপৰীতে ২০২৩ চনত ৯.৩১ লাখ কোটি টকা আছিল বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

ভাৰতীয় মিউচুৱেল ফাণ্ড (এম এফ) উদ্যোগটোৱে যোৱা এবছৰত ১৩৫ শতাংশতকৈ অধিক নেট ইনফ্লআৰু নেট এ ইউ এম (এছেটছ অণ্ডাৰ মেনেজমেণ্ট)ৰ প্ৰায় ৩৯ শতাংশ বৃদ্ধিৰ সাক্ষী হোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । লগতে কয় যে উদ্যোগটোৱে বহুমুথী প্ৰকাৰে বিকাশ হোৱাৰ সম্ভাৱনা আছে ।

mutualfund