/asomiyapratidin/media/media_files/2025/05/30/L3M6rVov4mgiGTK7H4db.jpg)
ডিজিটেল ডেস্ক : দেশৰ অৰ্থনৈতিক খণ্ডৰ বাবে ভাল খবৰ। ঘৰুৱা বিত্তীয় আয়ৰ যোগেদি ভাৰতে লাভ কৰিছে সাফল্য। অলপতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪-২৫ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰে।
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ভাৰতৰ ঘৰুৱা বিত্তীয় সঞ্চয় ২০২৩–২৪ চনত মুঠ ৰাষ্ট্ৰীয় ব্যৱহাৰযোগ্য আয় চমুকৈ জি এন ডি আইৰ ৫.১ শতাংশলৈ বৃদ্ধি হৈছেগৈ। পূৰ্বৰ বছৰসমূহৰ জঠৰতা ভাঙি ২০২৩-২৪ত ভাৰতে এই সাফল্যত উপনীত হয়গৈ।
উল্লেখযোগ্য যে, দেশৰ অনুকূল অৰ্থনৈতিক দৃষ্টিভংগী আৰু মুদ্ৰাস্ফীতিৰ মধ্যমীয়া হোৱাৰ সময়তে এই উত্থান ঘটিছে বুলি প্ৰতিবেদনত উল্লেখ কৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে আশা প্ৰকাশ কৰি উল্লেখ কৰে যে, উত্থানৰ এই ধাৰা অৱ্যাহত থাকিলে ২০২৬ বিত্তীয় বৰ্ষত আৰু অধিক কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ’ব।
প্ৰণিধানযোগ্য যে, জি এন ডি আইৰ অংশ হিচাপে মুঠ ঘৰুৱা সঞ্চয় ২০২৩–২৪ চনত ৩০.৩ শতাংশত স্থিৰ আছিল। ইয়াৰ কাৰণ মূলতঃ চৰকাৰৰ “ডিছাভিং” হ্ৰাস পোৱা। কিন্তু একে সময়তে পৰিয়ালৰ মুঠ বিত্তীয় সঞ্চয় জি এন ডি আইৰ ১১.২ শতাংশলৈ বৃদ্ধি পাইছিল। পূৰ্বে ২০২২–২৩ চনত ইয়াৰ হাৰ আছিল ১০.৭ শতাংশ।