ডিজিটেল ডেস্কঃ দেশত বৃদ্ধি পাইছে প্ৰত্যক্ষ কৰ লাভৰ পৰিমাণ । কেন্দ্ৰই নতুন কৰ নীতি প্ৰৱৰ্তন কৰাৰ পিছত উদ্যোগ আৰু ব্যক্তিৰ পৰা প্ৰত্যক্ষভাৱে কৰ সংগ্ৰহ চলিত বৰ্ষৰ এতিয়ালৈকে ১৫.৮ ট্ৰিলিয়ন স্পৰ্শ কৰিছে । যিটো পূৰ্বৰ বছৰৰ তুলনাত ১৬.৪৫% বেছি ।
ব্যক্তি আৰু অন্যান্য সত্তা যেনে অংশীদাৰিত্ব আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰা অ-কৰ্পৰেট কৰ সংগ্ৰহ, ৰিফাণ্ডৰ বাবে সামঞ্জস্য স্থাপন কৰাৰ পিছত এই বছৰৰ এতিয়ালৈকে ২২% জঁপিয়াই ৭.৯৭ ট্ৰিলিয়নলৈ বৃদ্ধি পাইছে । একেদৰে নিগমৰ পৰা সংগ্ৰহ কৰা কৰ ৮.৬% বৃদ্ধি হৈ ৭.৪২ ট্ৰিলিয়ন স্পৰ্শ কৰিছে । ১৭ ডিচেম্বৰলৈকে লাভ কৰা ৰাজহৰ পৰিসংখ্যাৰ উদ্ধৃতি দি বুধবাৰে কৰ বিভাগে এই কথা প্ৰকাশ কৰে।
চৰকাৰে এই বছৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ বাৰ্ষিক ১৩% বৃদ্ধিৰ বাজেট প্ৰস্তুত কৰিছে। চৰকাৰে ব্যক্তিৰ পৰা লাভ কৰা আয়কৰৰ লক্ষ্য হ’ল ২২ লাখ কোটি । বৰ্তমানে এই পৰিমাণৰ ৭২% স্পৰ্শ কৰিছে চৰকাৰে ।
উন্নত প্ৰযুক্তি, বিশেষকৈ এআইৰ ব্যৱহাৰে আয়ৰ উৎস বিশেষকৈ বিদেশী সম্পত্তিৰ সঠিক প্ৰকাশৰ ক্ষেত্ৰত কৰ প্ৰশাসন আৰু স্বেচ্ছামূলক অনুসৰণৰ উন্নতিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি পৰামৰ্শদাতা প্ৰতিষ্ঠান এ কে এম গ্ল’বেলৰ কৰ অংশীদাৰ অমিত মহেশ্বৰীয়ে কয়।