Advertisment

বিগত এবছৰত ভাৰতত ১৬.৯০ লাখ কোটি টকাৰ প্ৰত্যক্ষ কৰ সংগ্ৰহ...

ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰখনৰ বাবে এক আশাৰ খবৰ। শেহতীয়াকৈ প্ৰকাশ কৰা এক চৰকাৰী তথ্য অনুসৰি, ২০২৪বৰ্ষৰ ১এপ্ৰিলৰ পৰা ২০২৫ৰ ১২জানুৱাৰী পৰ্যন্ত দেশত প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণৰ প্ৰায় ১৫.৮৮শতাংশ বৃদ্ধি

author-image
Asomiya Pratidin
New Update
ভাৰতত প্ৰত্যক্ষ কৰৰ পৰিমাণ ১৫.৮৮ শতাংশ বৃদ্ধি

ভাৰতত প্ৰত্যক্ষ কৰৰ পৰিমাণ ১৫.৮৮ শতাংশ বৃদ্ধি Photograph: (ভাৰতত প্ৰত্যক্ষ কৰৰ পৰিমাণ ১৫.৮৮ শতাংশ বৃদ্ধি)

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰখনৰ বাবে এক আশাৰ খবৰ। শেহতীয়াকৈ প্ৰকাশ কৰা এক চৰকাৰী তথ্য অনুসৰি, ২০২৪বৰ্ষৰ ১এপ্ৰিলৰ পৰা ২০২৫ৰ ১২জানুৱাৰী পৰ্যন্ত দেশত প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণৰ প্ৰায় ১৫.৮৮শতাংশ বৃদ্ধি পাইছে। এই সময়চোৱাত নিকা প্ৰত্যক্ষ কৰ সংগ্ৰহৰ পৰিমাণ প্ৰায় ১৬.৯০ লাখ কোটি টকা হৈছেগৈ।

Advertisment

ছেগমেণ্ট অনুসৰি,  কৰ্পৰেট টেক্স সংগ্ৰহৰ ক্ষেত্ৰত ক্ৰমাগতভাৱে বৃদ্ধি হৈছে কৰ সংগ্ৰহ। পূৰ্বৰ বছৰত কৰ্পৰেট টেক্স সংগ্ৰহ কৰিছিল ৮.৩৩লাখ কোটি টকা। কিন্তু যোৱা বছৰত এই পৰিমাণ বৃদ্ধি হৈ হৈছেগৈ ৯.৭১লাখ কোটি টকা।

ইফালে ৰিফাণ্ডৰ পিছত নিকা কৰ্পৰেট কৰ সংগ্ৰহৰ পৰিমাণ ৭.৬৮ লাখ কোটি টকা হৈছেগৈ। যিটো যোৱা বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট সময়ছোৱাত ৭.১০ লাখ কোটি টকা আছিল।নন-কৰ্পৰেট টেক্স , যিয়ে মূলতঃ ব্যক্তিগত আয়কৰ অন্তৰ্ভুক্ত কৰে , শক্তিশালী গতি দেখুৱাইছে।

যোৱা বছৰ মুঠ সংগ্ৰহ ১০.৪৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই ছেগমেণ্টৰ সৰ্বমুঠ সংগ্ৰহ ৭.১৯ লাখ কোটি টকাৰ পৰা ১৫.৮৮ শতাংশ যথেষ্ট বৃদ্ধি পাই ৮.৭৪ লাখ কোটি টকা হৈছে।

ভাৰত