ছ'চিয়েল মিডিয়া নিষেধাজ্ঞাৰ প্ৰতিবাদঃ প্ৰাণ গ'ল ১০ জনতকৈ অধিক লোকৰ...

১২ বছৰীয়া শিশুকে ধৰি কমেও ১০ জনতকৈ অধিক লোকে। তাৰোপৰি ঘটনাত আহত হয় ১০০ ৰো অধিক লোক। এই সময়ত আহত কেইবাজনো ব্যক্তিৰ পৰিচয় জানিব পৰা হোৱা নাই ...

New Update
WhatsApp Image 2025-

ডিজিটেল ডেস্কঃ  ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে নেপালৰ পৰিস্থিতি। প্ৰতিবাদকাৰীক নিয়ন্ত্ৰনৰ বাবে নিয়োগ কৰা সেনা বাহিনীৰ গুলীত প্ৰাণ হেৰুৱালে এজন ১২ বছৰীয়া শিশুকে ধৰি কমেও ১০ জনতকৈ অধিক লোকে। তাৰোপৰি ঘটনাত আহত হয় ১০০ ৰো অধিক লোক। এই সময়ত আহত কেইবাজনো ব্যক্তিৰ পৰিচয় জানিব পৰা হোৱা নাই।

দৰাচলতে নেপাল চৰকাৰে দেশখনত ফেচবুককে ধৰি ২৬টা সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই। দেশৰ ৰাজধানী চহৰৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।

প্ৰতিবাদকাৰীক ৰুধিবলৈ নিয়োগ কৰা হৈছিল সেনা বাহিনী। পুৱাৰ ভাগত শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা প্ৰতিবাদে ক্ৰমান্বয়ে ভয়াৱহ ৰূপ লয়।বিক্ষোভকাৰীয়ে গছৰ ডাল আৰু পানীৰ বটল নিক্ষেপ কৰি চৰকাৰ বিৰোধী শ্লোগান দিয়ে।

আৰক্ষীয়ে পানীৰ কামান, কন্দুৱা গেছ, ৰবৰৰ গুলীৰে প্ৰতিবাদকাৰীক উত্তৰ  দিয়ে। আনকি প্ৰতিবাদকাৰীয়ে সান্ধ্য আইন ভংগ কৰি সংসদৰ সমীপৰ নিষিদ্ধ অঞ্চলত প্ৰৱেশ কৰে। লগে লগে পৰিস্থিতি তীব্ৰতৰ হৈ পৰে। প্ৰাপ্ত তথ্য অনুসৰি এই হিংসাত্মক ঘটনা ইতিমধ্যে ১৪ জনে প্ৰাণ হেৰুৱাইছে।

উল্লেখ কৰা প্ৰয়োজন যে,  পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কাঠমাণ্ডু জিলা প্ৰশাসনৰ কাৰ্যালয়ে সান্ধ্য আইন বৃদ্ধি কৰিছে। প্ৰথমে ৰাজধানীৰ বানেশ্বৰ অঞ্চলত জাৰি কৰা হৈছিল সান্ধ্য আইন। নতুন নিষেধাজ্ঞাৰ ভিতৰত এতিয়া ৰাষ্ট্ৰপতিৰ বাসগৃহ, মহাৰাজগঞ্জৰ লাইনচৌৰত উপ-ৰাষ্ট্ৰপতিৰ বাসগৃহ, সিংহা দৰবাৰৰ চৌদিশ, বালুৱাটাৰত প্ৰধানমন্ত্ৰীৰ বাসগৃহ আৰু কাষৰীয়া অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে চৰকাৰী মুখপাত্ৰ পৃথ্বী চুব্বা গুৰুঙে কয় যে, ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ বাবে আলোচনা চলি আছে। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে আহ্বান কৰা কেবিনেট বৈঠকত এই বিষয়ত আলোচনা হ’ব বুলিপ্ৰকাশ কৰিছে।

নেপাল