ডিজিটেল ডেস্কঃ প্ৰাকৃতিক দুৰ্যোগে বিভীষিকা নমাই অনা নেপালত নিহতৰ সংখ্যাই ২০০ৰ ঘৰ পাৰ কৰিছে। ৰাষ্ট্ৰখনত প্ৰবল বৰষুণৰ পিছত উদ্ভৱ হোৱা ভয়াৱহ বান আৰু ভূমিস্খলনত এতিয়াও সন্ধানহীন হৈ আছে কমেও ৪২ জন লোক। এতিয়াও বানত বুৰ গৈ আছে পূব আৰু মধ্য নেপালৰ বিস্তৃত অঞ্চল।
নেপালৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়া ঋষিৰাম পোখাৰেলে সদৰী কৰা মতে, এই প্ৰাকৃতিক দুৰ্যোগত ১১১জন লোক গুৰুতৰভাৱে আহত হৈছে। দুৰ্যোগৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলৰ উদ্ধাৰ অভিযান পূৰ্ণগতিত চলাই থকা হৈছে। এয়াৰলিফ্টেৰ জৰিয়তে উদ্ধাৰ অব্যাহত ৰাখিছে নেপাল সেনাই।
চৰকাৰী তথ্য অনুসৰি, ৰাষ্ট্ৰখনত সৃষ্টি হোৱা এই ভূমিস্খলন আৰু বানৰ ফলত প্ৰায় ৪০০০ লোক গৃহহীন হৈ পৰিছে। তেওঁলোকক খাদ্য সামগ্ৰীকে ধৰি সকলো প্ৰয়োজনীয় সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে। কাঠমাণ্ডুৰ উপকণ্ঠ অঞ্চল বালখু অঞ্চলত প্ৰায় ৪০০ লোকক সমাজকৰ্মীসকলে সাহায্য আৰু খাদ্য সামগ্ৰী যোগান ধৰিছে। ইফালে যোৱা শনিবাৰৰ পৰাই বন্ধ হৈ আছে দেশখনৰ অধিকাংশ ৰাষ্ট্ৰীয় ঘাইপথ।
বহু বাট-পথ বানত উটি যোৱাৰ ফলত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। অৱশ্যে বাট-পথৰ পুনৰুদ্ধাৰৰ কামো পূৰ্ণগতিত চলাই থকা হৈছে। কাঠমাণ্ডুক অন্য জিলাৰ সৈতে সংযোগ কৰা ত্ৰিভূৱন ঘাইপথেৰে এতিয়া পুনৰ আৰম্ভ হৈছে যান-বাহনৰ চলাচল। সমগ্ৰ নেপালৰ বানত প্ৰায় ৩২২টা ঘৰ আৰু ১৬খন দলং ক্ষতিগ্ৰস্ত হৈছে। লক্ষণীয় যে, যোৱা ৫ দশকৰ ভিতৰত কাঠমাণ্ডু উপত্যকা অঞ্চলত এয়াই সৰ্ববৃহৎ আৰু ভয়াবহ বান পৰিস্থিতি বুলি মন্তব্য কৰিছে নিৱাসীসকলে।
ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইন্টিগ্ৰেটেড মাউণ্টেন ডেভেলপমেণ্ট (আইচিআইএমঅ’ডি)ৰ জলবায়ু বিজ্ঞানী ভক্ত শ্ৰেষ্ঠই কয়, ‘কাঠমাণ্ডুত ইমান ডাঙৰ দুৰ্যোগ আগতে কেতিয়াও দেখা নাই। ধাৰাসাৰ বৰষুণৰ ফলত কাঠমাণ্ডুৰ বাগমতী নদীৰ বুকু উফন্দি উঠিছে। শুকুৰবাৰ আৰু শনিবাৰে মধ্য আৰু পূব নেপালত এই দুৰ্যোগে ভয়াৱহ ৰূপ ধাৰণ কৰে।’ উল্লেখ্য যে, শনিবাৰে বংগোপসাগৰৰ ওপৰত গভীৰ নিম্নচাপৰ বাবে নেপালত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়।
বিশেষজ্ঞসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে সমগ্ৰ এছিয়াতে বৰষুণৰ পৰিমাণ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। ইফালে আগন্তুক কেইবাদিনলৈও নেপালৰ পৰিস্থিতি অনুকুল হোৱাৰ সম্ভাৱনা নাই বুলি আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। একে সময়তে দেশখনত ভয়াবহ ভূমিস্খলনৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। উল্লেখ্য যে প্ৰতিবছৰে দেশখনত বানে সংহাৰ ৰূপ ধাৰণ কৰি আহিছে। এই বছৰত ইয়াৰ পূ্ৰ্বেও এবাৰ বানে তাণ্ডৱ চলাই গৈছিল দেশখনত। সেয়ে এই বানত দিশহাৰা হৈ পৰিছে দেশখন।