নেপালত ভয়ংকৰ বান, মৃত্যু ৬৬ৰো অধিক...

নেপালত ভয়ংকৰ বান, মৃত্যু ৬৬ৰো অধিক...
Published on
Updated on

ডিজিটেল ডেস্কঃ ধাৰাসাৰ বৰষুণৰ পিছতে নেপালত উদ্ভৱ হোৱা ভয়াবহ বান পৰিস্থিতি আৰু ভূমিস্খলনত মৃত্যুক সাৱটিছে ৬৬ জনকৈ লোকে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰা মতে, এই বিভীষিকাময় দুৰ্যোগত আহত হৈছে ৬০ জনৰো অধিক লোক।

বৃহস্পতিবাৰৰ পৰা নেপালৰ বহু অঞ্চলত ধাৰাসাৰ বৰষুণ হৈ আহিছে, যাৰ বাবে দুৰ্যোগ বিষয়াসকলে ক্ষন্তেকীয়া বানৰ সতৰ্কবাণী জাৰি কৰিছে। নেপাল আৰক্ষীৰ উপ-মুখপাত্ৰ বিশ্ব অধিকাৰীয়ে জনোৱা মতে, নেপালত অবিৰত বৰষুণৰ ফলত মৃত্যু হোৱা ৫৯ জন লোকৰ ভিতৰত কাঠমাণ্ডু উপত্যকাত ৩৪ জন লোকৰ মৃত্যু হৈছে।

তেওঁ কয় যে বানত ৩৬ জন লোক আহতও হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে, সমগ্ৰ দেশখনত এই বান আৰু ভূস্খলনত মুঠ ৪৪ জন লোক নিৰুদ্দেশ হৈ আছে। ইতিমধ্যে এহাজাৰৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।

এই ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে এক জৰুৰী বৈঠকৰ আহ্বান কৰিছে নেপালৰ কাৰ্য্যবাহী প্ৰধানমন্ত্ৰী তথা নগৰ উন্নয়ন মন্ত্ৰী প্ৰকাশ মন সিঙে।

আৰক্ষীয়ে সদৰী কৰা মতে, কাঠমাণ্ডুত বানত প্লাবিত হৈছে ২২৬ ঘৰ। আনহাতে এই বান পৰিস্থিতিৰ পৰা নিৱাসীকলক উদ্ধাৰৰ বাবে তিনি হাজাৰ সুৰক্ষা কৰ্মী মোতায়েন কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in