চীনা বিমান ক্ৰয় কৰি বিপদত এখন দেশঃ মাজ আকাশতে বন্ধ হৈ পৰিব ইঞ্জিন !

চীনা বিমান ক্ৰয় কৰি বিপদত এখন দেশঃ মাজ আকাশতে বন্ধ হৈ পৰিব ইঞ্জিন !
চীনা বিমান ক্ৰয় কৰি বিপদত এখন দেশঃ মাজ আকাশতে বন্ধ হৈ পৰিব ইঞ্জিন !

ডিজিটেল ডেস্কঃ বিভিন্ন  উৎসৱ- পাৰ্বনত অসম তথা ভাৰতত বিভিন্ন পুতলা, খেলৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা নতুন কথা নহয়। ন'কলেও হয় যে, এই পুতলা, খেলৰ সামগ্ৰীৰ অধিকাংশই আহে চীনৰ পৰা।

এনেকৈও ক'ব পাৰি যে, চীনৰ সামগ্ৰীৰে ভাৰতৰ উৎসৱ অনুষ্ঠিত হয়। দিপাৱলী, দুৰ্গা পূজা, ফাকুৱা, কালী পূজাকে ধৰি বিভিন্ন উৎসৱত চীনৰ সামগ্ৰীৰে বজাৰ ভৰি পৰে।

আনহাতে মোবাইল, টেলিভিশ্যনকে ধৰি নিত্য ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় সামগ্ৰী চীনে ৰপ্তানী কৰে ভাৰতলৈ। অতি সস্তীয়া এই চীনা সামগ্ৰীয়ে উপভোক্তাৰ প্ৰয়োজন পূৰণ কৰে যদিও এই সামগ্ৰীৰ জীৱন হয় অতি কম সয়ময়ৰ।

খুব সোনকালেই নষ্ট অথবা ব্যৱহাৰৰ অনুপযোগী হৈ পৰে এই সস্তীয়া সামগ্ৰী। সাধাৰণ পুতলা অথবা সৰু-সুৰা সামগ্ৰীত এনে লোকচানে বিশেষ প্ৰভাৱ নেপালায়।

কিন্তু যদিহে এনে সমস্যা দেখা দিয়ে যাত্ৰী পৰিবাহী বিমানৰ ক্ষেত্ৰত ! যদি চীনত নিৰ্মিত এনে বিমান উৰণৰ পিছতে মাজ আকাশত বিকল হৈ পৰে তেতিয়া !

চীনত নিৰ্মিত এনে বিমানক লৈয়ে এতিয়া বিপদত পৰিছে চুবুৰীয়া দেশ নেপাল। কিয়নো চীনৰ পৰা ক্ৰয় কৰা ৫ খন বিমানে বাৰুকৈয়ে জ্বলা-কলা খোৱাইছে নেপালক। যাৰ বাবে এতিয়া নেপালে চীনৰ পৰা ক্ৰয় কৰা এই ৫ খন যাত্ৰীবাহী বিমান বিক্ৰীৰ বাবে সাজু হৈছে। অথচ ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই।

ধাৰাবাহিক ভাৱে এই ৫ খন বিমানত দেখা দিছে বিভিন্ন বিজুতি। সঘনে মেৰামতিৰ বাবে নেপালে খৰছ কৰিবলগীয়া হৈছে বহু ধন। নেপালৰ বিত্ত মন্ত্ৰণালয়ৰ পৰা প্ৰকাশ কৰা অনুসৰি মেৰামতি আৰু অন্যান্য খৰচ বৃদ্ধি পোৱাৰ বাবে চৰকাৰী বিমান সংস্থাই চীনৰ পৰা ক্ৰয় কৰা ৫ খন বিমান বিক্ৰীৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই ৫ খন বিমানৰ ভিতৰত আছে দুখন ৫৬ আসনযুক্ত এম এ-৬০ আৰু তিনিখন ১৭ আসনৰ প্ৰপেলাৰচালিত ৱাই-১২ ই যাত্ৰাবাহী বিমান। নেপাল চৰকাৰে এই ৫ খন বিমান বিক্ৰীৰ সিদ্ধান্ত লৈছে যদিও এই পৰ্যন্ত এই ৫ খন বিমান ক্ৰয় কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। যাৰ বাবে বিপদত পৰিছে নেপাল চৰকাৰ।  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in