ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বত ভাৰতৰ নতুন শিক্ষা নীতিৰ গুৰুত্বপূৰ্ণ ভূমিকা

মোডীৰ ব্ৰিটেইন ভ্ৰমণৰ পিছতে ব্ৰিটিছ কাউন্সিলে কয় যে শিক্ষাই এই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। 

author-image
Tushar Pratim
New Update
ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বত ভাৰতৰ নতুন শিক্ষা নীতিৰ গুৰুত্বপূৰ্ণ ভূমিকা

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ নতুনকৈ কৌশলগত অংশীদাৰিত্বৰ ঘোষণাৰ পিছতে যোৱা বৃহস্পতিবাৰে ব্ৰিটিছ কাউন্সিলে কয় যে শিক্ষাই এই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। 

Advertisment

ব্ৰিটিছ কাউন্সিল ভাৰতৰ দেশীয় সঞ্চালক এলিছন বেৰেট এমবিইয়ে কয়, "এই ঘোষণা ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰু শিক্ষা খণ্ডত সহযোগিতা শক্তিশালী কৰিব। আমি ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি NEP ৰ আন্তৰ্জাতিকীকৰণৰ লক্ষ্য বাস্তৱায়িত কৰিছো। এই সাধাৰণ দৃষ্টিভংগীয়ে আমাক অধিক ফলপ্ৰসূ সহযোগিতাৰ বাবে এক শক্তিশালী প্ৰাতিষ্ঠানিক কাঠামো প্ৰদান কৰে।" 

তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ সময়ত ঘোষিত ভাৰত-যুক্তৰাজ্যৰ বাণিজ্যিক চুক্তিয়ে হাজাৰ হাজাৰ নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰিব আৰু দুয়োখন দেশৰ অৰ্থনীতিৰ বিকাশত সহায় কৰিব। তেওঁ লগতে কয়, শিক্ষাক এই অংশীদাৰিত্বৰ এক মুখ্য স্তম্ভ হিচাপে স্বীকৃতি দিয়া দেখি মই আনন্দিত। 

সেই ভ্ৰমণৰ অংশ হিচাপে নৰেন্দ্ৰ মোডী আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে এখন গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰে, যিয়ে বাৰ্ষিক দ্বিপাক্ষিক বাণিজ্য ২৫.৫ বিলিয়ন পাউণ্ড বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই চুক্তিক ভাৰতৰ সৰ্বাধিক বিস্তৃত বাণিজ্য চুক্তি আৰু যুক্তৰাজ্যৰ ব্ৰেক্সিটৰ পিছৰ পৰা অৰ্থনৈতিকভাৱে সৰ্বাধিক তাৎপৰ্যপূৰ্ণ চুক্তি বুলি বৰ্ণনা কৰা হৈছে। 

ইয়াৰ উপৰিও, ভাৰত-যুক্তৰাজ্য ভিজন-২০৩৫ৰ শুভাৰম্ভ কৰা হৈছে, যিয়ে বিভিন্ন খণ্ডত দীৰ্ঘম্যাদী সহযোগিতাৰ ৰূপৰেখা প্ৰস্তুত কৰিছে। ব্ৰিটিছ হাই কমিছনে জনোৱা মতে, এই চুক্তিৰ ফলত ভাৰতীয় গ্ৰাহকে গাড়ী, সৌন্দৰ্য্যসামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ দৰে ব্ৰিটিছ সামগ্ৰী সস্তাতে পাব। কাৰণ শুল্ক ১৫ শতাংশৰ পৰা ৩ শতাংশলৈ হ্ৰাস পাব। ব্ৰিটিছ গ্ৰাহকসকলেও ভাৰতীয় সামগ্ৰীৰ ওপৰত কম খৰচৰ সুবিধা লাভ কৰিব। 
বেৰেটৰ মন্তব্যই এনে এক সময়ত আহিছে যেতিয়া শিক্ষা খণ্ডই ভাৰতৰ NEP-ক বিশ্ব মঞ্চত ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ সাজু হৈছে। এই অংশীদাৰিত্বই একাডেমিক বিনিময়, পাৰস্পৰিক গৱেষণা, আৰু ডিজিটেল শিক্ষণ সঁজুলিৰ সম্প্ৰসাৰণত সহায় কৰিব।
 

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ব্ৰিটেইন