নীট ইউজিৰ শীৰ্ষত উজলিল ৰাজস্থানৰ মহেশ কুমাৰ

শনিবাৰে ঘোষণা হ'ল নীট ইউজিৰ ফলাফল। ভাৰতৰ ৫৫২খন চহৰৰ ৫,৪৬৮টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এইবাৰৰ নীটত ২২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

author-image
Asomiya Pratidin
New Update
ঘোষণা হ'ল নীট ইউজিৰ ফলাফল

ঘোষণা হ'ল নীট ইউজিৰ ফলাফল

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা হ'ল নীট ইউজিৰ ফলাফল। ভাৰতৰ ৫৫২খন চহৰৰ ৫,৪৬৮টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এইবাৰৰ নীটত ২২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

Advertisment

এইবাৰৰ ফলাফলত মুঠ ১২,৩৬,৫৩১ গৰাকী প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰে মুঠ ৫,১৪,০৬৩ জন পুৰুষ প্ৰাৰ্থীৰ বিপৰীতে মহিলা যোগ্য প্ৰাৰ্থীৰ সংখ্যা ৭,২২,৪৬২ গৰাকী। নীট ইউজিৰ শীৰ্ষ ১০০ প্ৰাৰ্থীৰ তালিকাৰ ভিতৰত ৯৯.৯৯ শতাংশ লাভ কৰি দেশৰ শীৰ্ষস্থান দখল কৰিছে ৰাজস্থানৰ মহেশ কুমাৰ। শীৰ্ষ ১০ গৰাকী পৰীক্ষাৰ্থীৰ তালিকাত দিল্লীৰ অবিকা আগৰৱাল একমাত্ৰ মহিলা প্ৰাৰ্থী। অবিকাৰ সৰ্বভাৰতীয় ৰেংক হৈছে পঞ্চম।

উল্লেখযোগ্য যে, নীট ইউজিৰ পৰীক্ষা বিগত ৪ মে’ তাৰিখে অনুষ্ঠিত হৈছিল। নীট ইউজিৰ এনচাৰ কী ৩ জুন তাৰিখে মুকলি কৰা হৈছিল। পৰীক্ষাৰ্থী সকলে neet.nta.nic.inৰ জৰিয়তে লাভ কৰিব ফলাফল।

নীট পৰীক্ষা