NEET UG পৰীক্ষা কেলেংকাৰীঃ ২৫০গৰাকী পৰীক্ষাৰ্থীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ...

বিগত বৰ্ষৰ NEET UGৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত চিবিআইৰ তদন্ত চলি থকাৰ মাজতে পৰীক্ষাৰ সময়ত ফাদিল প্ৰশ্নকাকত সমাধান আৰু অন্য প্ৰাৰ্থীৰ হৈ পৰীক্ষাত বহি অনীতিৰ আশ্ৰয় লোৱা ২৫০ জনৰো অধিক MBBS ছাত্ৰ-ছাত্ৰী আৰু

author-image
Asomiya Pratidin
New Update
MBBS1 14á1±ßÁÏ ¿úŽÂ±ïÇÏ1 ò±÷ö¿îÂÇ Âõ±¿îÂù

ডিজিটেল ডেস্কঃ বিগত বৰ্ষৰ NEET UGৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত চিবিআইৰ তদন্ত চলি থকাৰ মাজতে পৰীক্ষাৰ সময়ত ফাদিল প্ৰশ্নকাকত সমাধান আৰু অন্য প্ৰাৰ্থীৰ হৈ পৰীক্ষাত বহি অনীতিৰ আশ্ৰয় লোৱা ২৫০ জনৰো অধিক MBBS ছাত্ৰ-ছাত্ৰী আৰু পৰীক্ষাৰ্থীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।

Advertisment

দেশৰ চিকিৎসা শিক্ষাৰ শীৰ্ষ নিয়ন্ত্ৰক ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ২০২৪-২৫ বৰ্ষৰ অধিবেশনত নামভৰ্তি কৰা কমেও ১৪ জন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বাতিল কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা আৰু ২১৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থীত্ব স্থগিত ৰখা হৈছে। ইতিমধ্যে এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তি কৰা আন ২৬ গৰাকী ছাত্ৰ-ছাত্ৰীকো অন্যায় উপায়েৰে পৰীক্ষাৰ্থীক সহায় কৰিছিল বুলি প্ৰমাণ পোৱা গৈছে আৰু তেওঁলোকক নিলম্বন কৰা হৈছে। 

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰ NEET UG পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছত প্ৰশ্ন উত্থাপন হৈছিল। হাৰিয়ানাৰ বাহাদুৰগড়ৰ হৰদয়াল পাব্লিক স্কুলৰ ৪৯৪ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ছজনে হিট কৰিছিল বুলছ আই। একেটা কেন্দ্ৰৰে ছজন পৰীক্ষাৰ্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰাত দেশজুৰি সৃষ্টি হৈছিল বিতৰ্কৰ। সেই একেটা কেন্দ্ৰৰে আন দুজন ছাত্ৰই ৭১৯ আৰু ৭১৮ নম্বৰ পোৱা ঘটনাই দুগুণে বঢ়াইছিল সন্দেহ।

প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য একাধিক অভিযোগত নেচনেল টেষ্টিং এজেঞ্চীক পুনৰবাৰ পৰীক্ষা পতাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। সেই নিৰ্দেশৰ আধাৰতে পতা দ্বিতীয়বাৰৰ পৰীক্ষাত হাৰিয়ানাৰ বাহাদুৰগড়ৰ হৰদয়াল পাব্লিক স্কুলৰ পৰীক্ষাৰ্থীয়ে দেখুওৱা ফলাফলে একপ্ৰকাৰ প্ৰমাণ কৰি দিলে প্ৰথমটো NEET পৰীক্ষাৰ বেমেজালি।

প্ৰথমটো পৰীক্ষাত ছজন ছাত্ৰই ৭২০ৰ ভিতৰত ৭২০ নম্বৰ লাভ কৰা কেন্দ্ৰটোত এইবাৰ এজনেও হিট কৰিব নোৱাৰিলে বুলছ আই। মাত্ৰ ১৩জন ছাত্ৰই লাভ কৰিলে ৬০০ৰ অধিক নম্বৰ। কেন্দ্ৰটোৰ সৰ্বোচ্চ নম্বৰ ৬৮২। লোকসভা নিৰ্বাচনৰ ফলাফলৰ মাজতে ঘোষণা কৰা NEET ৰ প্ৰথমটো পৰীক্ষাত গ্ৰেছ মাৰ্ক পাইছিল ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে।

উচ্চতম ন্যায়ালয়ে গ্ৰেছ মাৰ্ক বাতিলৰ নিৰ্দেশ দিয়াৰ পাছত পুনৰবাৰ অনুষ্ঠিত হোৱা পৰীক্ষাত অৱতীৰ্ণ হৈছিল কেৱল ৮০০ পৰীক্ষাৰ্থী। প্ৰথমবাৰ গ্ৰেছ মাৰ্ক পোৱা ৭৬৩ গৰাকী পৰীক্ষাৰ্থীয়ে নিদিলে পুনৰবাৰ অনুষ্ঠিত হোৱা NEET পৰীক্ষা।

NEET-UG পৰীক্ষা কেলেংকাৰী