টকাৰ বিনিময়ত নীট উত্তীৰ্ণৰ চেষ্টাঃ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত ৯ জনক গ্ৰেপ্তাৰ, জব্দ ১০ লাখ..

টকাৰ বিনিময়ত নীট উত্তীৰ্ণৰ চেষ্টাঃ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত ৯ জনক গ্ৰেপ্তাৰ, জব্দ ১০ লাখ..

author-image
asomiyapratidin
New Update
টকাৰ বিনিময়ত নীট উত্তীৰ্ণৰ চেষ্টাঃ প্ৰশ্ন কাকত ফাদিলৰ লগত জড়িত ৯ জনক গ্ৰেপ্তাৰ, জব্দ ১০ লাখ..

ডিজিটে ডেস্কঃ মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ নামত সংঘটিত হোৱা এক ভয়াকন দুষ্কাৰ্য পোহৰলৈ আহিছে ৰাজস্থানৰ জয়পুৰত। আৰক্ষীৰ এক অবিযানত প্ৰেৱশ পৰীক্ষাৰ নামত দুষ্কাৰ্য সংঘটিত কৰা ১ জন পৰীক্ষাৰ্থীসহ মুঠ ৯ জনক গ্ৰেপ্তাৰ কৰিছে। বিগত দেওবাৰে অনুষ্ঠিত হোৱা দেশৰ মেডিকেল কলেজত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষাত ৰাজস্থানৰ জয়পুৰৰ এটা কেন্দ্ৰত এজন পৰীক্ষাৰ্থীৰ উত্তীৰ্ণ কৰাৰ স্বাৰ্থত প্ৰশ্ন কাকত ফাদিল কৰাৰ ঘটনা পোহৰলৈ আহে।

Advertisment

বিয়লি ২ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা পাছতে আৰ আই টিৰ পৰীক্ষা কেন্দ্ৰৰ ৩৫ নং কোঠাৰ পৰীক্ষা নিৰীক্ষক ৰামসিঙে প্ৰশ্ন কাকতখন মোবাইলত ফটো উঠাই লৈ নিৰ্দিষ্ট মানুহলৈ প্ৰেৰণ কৰে। পৰীক্ষা কেন্দ্ৰটোত থকা ধনেশ্বৰী যাদৱ নামৰ এগৰাকী প্ৰাৰ্থীক উত্তীৰ্ণকৰোৱাৰ বাবেই এইদৰে প্ৰশ্নকাকতখন তেওঁ মোবাইলেৰে বিশেষ ব্যক্তিলৈ প্ৰেৰণ কৰিছিল।

নিৰীক্ষক ৰাম সিঙে মোবাইলৰ জৰিয়তে প্ৰেৰণ কৰা প্ৰশ্ন কাকতখনৰ উত্তৰসমূহ প্ৰস্তুত কৰি পংকজ যাদৱ নামৰ এজন লোকে পুনৰ ৰাম সিঙলৈ প্ৰেৰণ কৰে। এইদৰে এইজন প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ স্বাৰ্থত পৰীক্ষা কেন্দ্ৰটোৰ স্বত্বাধিকাৰীকে ধৰি কেইবাজনো লোক জড়িত হৈ পৰে। পৰীক্ষাৰ্থীজনক এইদৰে বক্ৰ পথেৰে উত্তীৰ্ণ কৰোৱাই দিয়াৰ বাবদ আটাইকেইজন ব্যক্তিয়ে মিলি ৩৫ লাখ টকা দাবী কৰিছিল। পৰীক্ষা অনু্ষ্ঠিত হোৱাৰ পিছতে ৩৫ লাখ টকাৰ ভিতৰত ১০ লাখ টকা আদায়ৰো বন্দৱস্ত কৰা হৈছিল।

এই সম্পূৰ্ণ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। নিৰ্দিষ্ট তথ্যৰ আধাৰত আৰক্ষীয়েও এই দুষ্ট চক্ৰক গ্ৰেপ্তাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছিল। পৰীক্ষা কেন্দ্ৰটোৰ চৌপাশে আৰক্ষীয়ে নিজা মানুহ নিয়োগ কৰি সমগ্ৰ পৰীকঅষা কেন্দ্ৰটোত দৃষ্টি ৰাখে আৰু তাৰ মাজতে ৩৫ নং কোঠাত অভিযান চলাই নিৰীক্ষক ৰাম সিঙক গ্ৰেপ্তাৰ কৰে। লগে লগে তেওঁৰ হাতত থকা মোবাই ফোনটোও জব্দ কৰে।

একেসময়তে বাহিৰত থকা আৰক্ষীৰ লোকে শিক্ষাৰ্থীজনৰ আত্মীয়কো নগদ ১০ লাখ টকাৰ সৈতে গ্ৰেপ্তাৰ কৰে। এই সমগ্ৰ ঘটনাৰ লগত জড়িত মুঠ ৯জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।