দেশৰ বাবে সদায় মোৰ শ্ৰেষ্ঠখিনি দিমঃ নীৰজ চোপ্ৰা

৯১.০৬ মিটাৰ নিক্ষেপ কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছত চোপ্ৰাই দ্বিতীয় স্থান দখল কৰিছে। ভাৰতীয় ক্ৰীড়াৰ বাবে এই মুহূৰ্তটো ঐতিহাসিক, যাৰবাবে লাখ লাখ গৌৰৱান্বিত ভাৰতীয়ৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নীৰজক এক্সত অভিনন্দন জনায়।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীক ধন্যবাদ

প্ৰধানমন্ত্ৰীক ধন্যবাদ

ডিজিটেল ডেস্কঃ ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাৰ আন এক সফলতা। দোহাত অনুষ্ঠিত ডাইমণ্ড লীগ ২০২৫ত বহু প্ৰত্যাশিত সফলতা অৰ্জন কৰি আন্তঃৰাষ্ট্ৰীয় জেভেলিন প্ৰতিযোগিতাত ৯০ মিটাৰৰ লক্ষ্য ভেদ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হৈছে। ৯০.২৩ মিটাৰ জেভেলিন নিক্ষেপেৰে চোপ্ৰাই নিজৰ ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় অভিলেখ গঢ়াই নহয়, ভাৰতীয় এথলেটিকছৰ ইতিহাসতো নিজৰ স্থান দৃঢ় কৰি তুলিলে।

Advertisment

উল্লেখযোগ্য যে, ৯১.০৬ মিটাৰ নিক্ষেপ কৰা জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছত চোপ্ৰাই দ্বিতীয় স্থান দখল কৰিছে। ভাৰতীয় ক্ৰীড়াৰ বাবে এই মুহূৰ্তটো ঐতিহাসিক, যাৰবাবে লাখ লাখ গৌৰৱান্বিত ভাৰতীয়ৰ মাজত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নীৰজক এক্সত অভিনন্দন জনায়।

ইফালে দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা পোৱা শুভেচ্ছা বাৰ্তাৰ পাছতে এক্সৰ জৰিয়তে নৰেন্দ্ৰ মোডীক ধন্যবাদ জনায় গোল্ডেন বয় নীৰজ চোপ্ৰাই। তেওঁ উল্লেখ কৰে যে, “আপোনাৰ মৰমলগা কথা আৰু উৎসাহৰ বাবে ধন্যবাদ শ্ৰী নৰেন্দ্ৰ মোদীজী। মই আশা কৰো যে মই আগবাঢ়ি যাম আৰু সদায় দেশৰ বাবে মোৰ শ্ৰেষ্ঠখিনি দিম!” নীৰজ চোপ্ৰাই স প্ৰকাশ কৰে যে শেহতীয়া ছিজনবোৰত স্থায়ীভাৱে গ্ৰ’ইনৰ সমস্যাই তেওঁক সীমিত কৰি ৰাখিছিল যদিও এতিয়া তেওঁ শাৰীৰিকভাৱে শক্তিশালী আৰু আত্মবিশ্বাসী অনুভৱ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নীৰজ চোপ্ৰা