/asomiyapratidin/media/media_files/2025/06/27/neeraj-27-2025-06-27-22-30-36.jpg)
ডিজিটেল ডেস্কঃ পুনৰ বিশ্ব ৰেংকিঙৰ শীৰ্ষ স্থানলৈ গ’ল্ডেন বয় নীৰজ চোপ্ৰা। চলিত সপ্তাহত বিশ্ব এথলেটিকছৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ পোৱা শেহতীয়া তালিকাত তেওঁৰ এই উত্তৰণ ঘটিছে। পুৰুষৰ জেভেলিন থ্ৰ’ৰ বর্তমানৰ বিশ্ব চেম্পিয়ন নীৰজে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত ব্ৰাছেলছত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগৰ ফাইনেলত গ্ৰেনাডিয়ান খেলুৱৈগৰাকীয়ে জয়লাভ কৰাৰ পাছত এণ্ডাৰছন পিটাৰ্ছৰ হাতত ১ নং ৰেংকিঙত পৰাস্ত হৈছিল।
কিন্তু অৱশেষত ধাৰাবাহিকভাৱে দাঙি ধৰা উন্নত প্ৰদৰ্শনৰ বাবে নীৰজে এণ্ডাৰছনক অতিক্ৰম কৰি ৰেংকিঙৰ শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰকাশিত শেহতীয়া তালিকা অনুসৰি নীৰজে ১৪৪৫ পইণ্ট লাভ কৰাৰ বিপৰীতে পিটাৰ্ছে ১৪৩১ পইণ্ট লাভ কৰিছে।
জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ১৪০৭ পইণ্টেৰে তৃতীয় স্থানত থকাৰ বিপৰীতে বৰ্তমানৰ অলিম্পিক চেম্পিয়ন পাকিস্তানৰ আৰ্ছাদ নাদীমে ১৩৭০ পইণ্টেৰে চতুৰ্থ স্থানত আছে। অহা ছেপ্টেম্বৰ মাহত টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপত খিতাপ ৰক্ষা কৰিবলগীয়া ২৭ বছৰীয়া নীৰজে দক্ষিণ আফ্ৰিকাৰ প’চেফষ্ট্ৰুমত অনুষ্ঠিত হোৱা আমন্ত্ৰণমূলক মিটৰ জৰিয়তে ছিজনৰ আৰম্ভণি কৰিছিল আৰু ৮৪.৫২ মিটাৰ থ্ৰ’ৰে জয়লাভ কৰিছিল।
ডোহাত ডাইমণ্ড লীগৰ অ’পেনাৰত তেওঁ প্ৰথমবাৰৰ বাবে ৯০.২৩ মিটাৰ থ্ৰ’ৰে পূৰ্বৰ ব্যক্তিগত শ্ৰেষ্ঠ ৮৯.৯৪ মিটাৰৰ ৰেকৰ্ড ভংগ কৰিছিল। এই মাইলৰ খুঁটিত উপনীত হোৱাৰ পিছতো অৱশ্যে নীৰজে জাৰ্মানীৰ জুলিয়ান ৱেবাৰৰ পিছতে দ্বিতীয় স্থান দখল কৰে।
দোহাৰ পিছত নীৰজে পোলেণ্ডৰ চ’ৰজ’ৰ জানুছ কুছ’চিনস্কি মেম’ৰিয়েল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ ৮৪.১৪ মিটাৰ থ্ৰ’ কৰি দ্বিতীয় স্থান অধিকাৰ কৰে। অৱশেষত পেৰিছ ডাইমণ্ড লীগত ৱেবাৰক পৰাস্ত কৰি ভাৰতীয় খেলুৱৈগৰাকীয়ে ৮৮.১৬ মিটাৰ থ্ৰ’ৰে প্ৰথম স্থান দখল কৰে।
মঙলবাৰে নীৰজে অষ্ট্ৰাভা গোল্ডেন স্পাইকত ৮৮.১৬ মিটাৰ থ্ৰ’ৰে ছিজনৰ তৃতীয়টো বিজয় সাব্যস্ত কৰিছে। উল্লেখ্য যে, অহা ৫ জুলাইত বেংগালুৰুৰ শ্ৰী কান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব নীৰজ চোপ্ৰা ক্লাছিকৰ উদ্বোধনী অনুষ্ঠান।