/asomiyapratidin/media/media_files/2025/07/26/agroni-khabar-2025-07-26-23-00-40.webp)
ডিজিটেল ডেস্কঃ নীপকো ৰিটায়াৰ্ড এমপ্লয়ীজ ওৱলফেয়ৰ এছোচিয়েছনৰ দ্বি-বাৰ্ষিক অধিবেশনখন অহা ১০ আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। নীপকো ৰিটায়াৰ্ড এমপ্লয়ীজ ওৱেলফেয়ৰ এছোচিয়েছনৰ সহকাৰী সাধাৰণ সম্পাদক অখিল চন্দ্ৰ গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিছে।
তেওঁ প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি এছোচিয়েছনৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন অহা ১০ আগষ্ট, ২০২৫ তাৰিখ, দেওবাৰে ৰাতিপুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব। এছোচিয়েছনৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া অধিবেশনৰ পুৱা প্ৰতিনিধি সভাখন অনুষ্ঠিত হ'ব।
দুপৰীয়া আহাৰ বিৰতিৰ পিছত মুকলি অধিবেশন আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিবেশনৰ সামৰণি পৰিব। প্ৰতিটো কাৰ্যসূচীতেই এছোচিয়েছনৰ সদস্যসকলৰ উপস্থিতি আৰু সহায়, সহযোগিতা সভাপতি মুকুন্দ ডেকা আৰু সাধাৰণ সম্পাদক অৰবিন্দ গগৈয়ে আন্তৰিকতাৰে কামনা কৰিছে।